SI Junmoni Rabha death case : SI জোনমণিৰ মৃত্যু পাচত চৰম নিৰাপত্তা হীনতাত ভুগিছে হাচিনা বেগমে

author img

By

Published : May 26, 2023, 10:05 PM IST

Junmoni Rabha death case

যুঁজি-যুঁজি ভাগৰি পৰিছে হাচিনা বেগম ৷ প্ৰাণৰ সংশয়ত ভুগিছে হাচিনাই ৷ যিকোনো মূহুৰ্ততে নকল সোণ আৰু নকল লোটৰ ব্যৱসায়ীয়ে তেওঁক মাৰি পেলাব পাৰে ৷ কান্দি কান্দি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে হাচিনা বেগমে (Hasina Begum claims to suffer from insecurity) ৷

যুঁজি-যুঁজি ভাগৰি পৰিছে হাচিনা বেগম

লখিমপুৰ ২৬ মে : ‘‘মোৰ জীয়াই থাকিবলৈ আশা আছিল ৷ এই চক্ৰটোৰ পৰা জীয়াই থাকিব নোৱাৰিম ৷ মই নিৰাপত্তাহীনতাত ভুগিছো ৷’’ লখিমপুৰৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা সময়চোৱাত এই মন্তব্য কৰে হাচিনা বেগমে (Hasina Begum claims to suffer from insecurity) ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নকল সোণ আৰু নকল লোটৰ ব্যৱসায়ীৰ বিৰুদ্ধে যুঁজ দি আহিছিল লখিমপুৰৰ হাচিনা বেগমে ৷ আনকি সদ্য প্ৰয়াত জোনমণি ৰাভাকো নকল সোণ আৰু নকল লোটৰ ব্যৱসায়ীৰ ঠিকনা যোগান ধৰিছিল হাচিনাই ৷ জোনমণি ৰাভাৰ মৃত্যু পাচতে কেমেৰাৰ সন্মুখত আহি এই মন্তব্য কৰিছিল হাচিনা বেগমে ৷

কিন্তু জোনমণি ৰাভাৰ মৃত্যু পাচতে এতিয়া চৰম নিৰাপত্তা হীনতাত ভুগিছে হাচিনাই ৷ কিয়নো হাচিনাই উল্লেখ কৰা অনুসৰি, ক’লা বেপাৰীৰ মূৰৰ কামুৰণি হোৱা হাচিনালৈ আহিছে মৃত্যুৰ ভাবুকি ৷ যিকোনো মুহূৰ্ততে ক’লা বেপাৰীয়ে তেওঁক মাৰি পেলাব পাৰে বুলি উল্লেখ কৰিছে ৷

ইফালে নকল সোণ, জাল নোট আদিৰ লগত জড়িত বুলি জানিব পাৰি এটা সময়ত নিজৰ স্বামীকো ত্যাগ কৰি আঁতৰি গৈছিল হাচিনা বেগমে । স্বামীক ত্যাগ কৰি এনে ক’লা বেহাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প লৈ দীর্ঘদিন ধৰি তেওঁ সাহসেৰে যুঁজি আছিল । তেওঁৰ এনে যুঁজৰ বাবেই জিলাখনত চলি থকা অপৰাধ সাম্ৰাজ্যখনৰ বহুতে ৰঙাঘৰৰ ভাত খাবলগীয়া হৈছে । অপৰাধ সাম্ৰাজ্যখনৰ পৰা কৌশলেৰে বহু গোপন তথ্য উদ্ধাৰ কৰি তেওঁ প্ৰশাসনক যোগান ধৰি আহিছে ।

আনকি প্ৰয়াত জোনমণি ৰাভাই অপৰাধী চক্ৰৰ লক্ষ্য হোৱা বুলি অনুমান কৰি মৃত্যুৰ আগতে হাচিনাক তেওঁৰ কাষলৈ মাতি পঠিয়াইছিল (SI Junmoni Rabha death case)। পিছে জোনমণি ৰাভাৰ মৃত্যুৱে সকলো ওলট-পালট কৰি দিলে । জোনমণি ৰাভাৰ মৃত্যুৰ পিচত এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে হাচিনা বেগমে ।

শুকুৰবাৰে লখিমপুৰত পুনৰ সকলো কথা কৈ সংবাদ মাধ্যমৰ সন্মুখত হুকহুকাই কান্দি উঠা দেখিবলৈ পোৱা গৈছে । আনকি ঘৰলৈ তেওঁ যাব নোৱাৰা অৱস্থা হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । লখিমপুৰতে কোনো ঠাইত একপ্ৰকাৰে আত্মগোপন কৰি আছে হাচিনাই ।

লগতে পঢ়ক : Junmoni Rabha death case: আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ত হাছিনা বেগম; ৯ ব্যক্তিৰ বিৰুদ্ধে দাখিল এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.