Extra Marital Affair: গৃহ নিৰ্মাণৰ ধন লৈ ভাই বোৱাৰীয়েকক পলুৱাই লৈ গ’ল জেঠালেকে

By

Published : Feb 26, 2023, 10:36 PM IST

Updated : Feb 26, 2023, 10:59 PM IST

thumbnail

জোনাই, 26 জানুৱাৰী: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ঘটনা (Extra Marital Affair case in Assam) ৷ ইটোৰৰ পিচত সিটোকৈ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে ভয়ংকৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ পিচতে এইবাৰ ধেমাজি জিলাৰ জোনাইত সংঘটিত হৈছে আজৱ ঘটনা (Extra Marital Affair case at Jonai) ৷  জোনাইত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন লৈ ভৰত দলে নামৰ এজন লোকে নিজৰ ১২ বছৰীয়া পুত্ৰ আৰু ভাতৃৰ এটি দুবছৰীয়া কন্যা সন্তানক লৈ ভাই বোৱাৰীয়েকক পলুৱাই লৈ গুচি যায় (Woman escaped with brother in low at Jonai ) ৷ ইয়াৰ পিচতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷  

এতিয়া প্ৰশ্ন হৈছে যে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন পালে আপুনি কি কৰিব? নিশ্বয় আপুনি বা মই চিন্তা কৰিম এখন সপোনৰ ঘৰ নিৰ্মাণৰ কথা ৷ কিন্তু এই ঘটনাত লোকজনে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন পত্নীক উলিয়াবলৈ দি জোৰ জবৰদস্তি কৰি সেই ধন লগত লৈ নিজ ভাতৃৰ পত্নীকে পলুৱাই লৈ গুচি যায় ৷  

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে পুৱা প্ৰায় 9 মান বজাত জোনাইৰ চন্দ্ৰপুৰ গাঁৱৰ নিৱাসী তথা হিতাধিকাৰী ভৰতৰ পত্নীয়ে গৃহ নিৰ্মাণৰ বাবে বেংকৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন ৩০,০০০ টকা উলিয়াই ঘৰত থৈ দিয়ে ৷ এই কথা গম পাই ভৰতে পত্নীক প্ৰথমে টকাখিনি বিচাৰে ৷ কিন্তু পত্নীয়ে প্ৰথমে এই টকা দিবলৈ অমান্তি হয় ৷ উপায়হীন হৈ ভৰতে পত্নীক এই টকাৰে দোকানৰ পৰা ৰ’ড চিমেণ্ট কিনিম বুলি পত্নীক কয় ৷ পত্নীয়ে সেইবাৰো অস্বীকাৰ কৰাত এইবাৰ জোৰ জবৰদস্তি ধনখিনি দিবলৈ ভৰতে পত্নীক দাবী ধমকি দিয়ে ৷ পত্নীয়েও উপায়হীন হৈ ধনখিনি ভৰতক দি দিয়ে ৷  

তাৰ পিচৰে পৰা ভৰতৰ পুত্ৰ সন্তানসহ ভাতৃ বোৱাৰী আৰু তেওঁলোকৰ কণমানিটো ঘৰৰ পৰা নিখোজ হয় ৷ লগে লগে ঘৰৰ পৰিয়ালে এই ঘটনা দেখি হতচকিত হয় ৷ পৰিলায়ৰ লোকে বিচাৰ খোচাৰ কৰি উলিয়াই যে ভৰত আৰু ভাই বোৱাৰীয়েকৰ মোবাইলকেইটাও ঘৰত নাই ৷ ঘৰৰ লোকে ফোন কৰেহে কৰে কিন্তু ফোন ৰিচিভ নকৰিল, পিচলৈ ফোনটো অফ কৰি দিয়ে  দুয়োজনেই ৷ তেতিয়াই আত্মীয়ৰ লগতে গাঁৱৰ লোকৰ বুজিবলৈ বাকী নাথাকিল প্ৰকৃত ঘটনা ৷ ভৰতে নিজৰ ভাতৃৰ পত্নীক দুটি সন্তানসহ পলুৱাই লৈ গুচি যায় ৷  

ইফালে এতিয়া ভৰতৰ পত্নী আৰু ভাতৃয়ে নিজ সন্তান দুটিক বিচাৰি হাবাথুৰি খাইছে ৷ তেওঁলোক দুয়ো পলাই গ’লে যাওক, কিন্তু সন্তান দুটি উভতাই দিয়ক বুলি অনুৰোধ কৰে ভৰতৰ ভাতৃয়ে ৷ ইতিমধ্যে সামাজিক মাধ্যমযোগে ভুক্তভোগী ভৰতৰ পত্নী আৰু ভাতৃ ভাইটিয়ে সামাজিক মাধ্যমৰ যোগেদি নিজৰ পুত্ৰ আৰু কন্যা সন্তানটোৰ লগতে তেওঁলোকক কোনো সদাশয় ব্যক্তিয়ে দেখা পালে 8761861240 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক: Extra Marital Affair case: প্ৰেমিকৰ সৈতে লগ হৈ মাতৃয়ে হত্যা কৰিলে 4 বছৰীয়া সন্তানক

Last Updated : Feb 26, 2023, 10:59 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.