ETV Bharat / bharat

Extra Marital Affair case: প্ৰেমিকৰ সৈতে লগ হৈ মাতৃয়ে হত্যা কৰিলে 4 বছৰীয়া সন্তানক

author img

By

Published : Feb 25, 2023, 9:51 PM IST

বিবাহ বহিৰ্ভূত সম্পৰ্কই ছাৰাখাৰ কৰিলে এটা পৰিয়াল ৷ প্ৰেমিকৰ সৈতে লগ হৈ নিজ চাৰিবছৰীয়া পুত্ৰক হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মাতৃৰ বিৰুদ্ধে (child death for Extra Marital Affair) ৷

Mother allegedly killed four year old child with her boyfriend
প্ৰেমিকৰ স’তে লগ হৈ মহিলাই হত্যা কৰিলে 4 বছৰীয়া সন্তানক

নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰী: বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি (Extra Marital Affair case)৷ নিজ প্ৰেমিকৰ সৈতে লগ হৈ নিজৰ চাৰি বছৰীয়া সন্তানক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে (child death for Extra Marital Affair)৷ এই নৃশংস ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ কুলতালীত ৷

ঘটনাৰ বিৱৰণী অনুসৰি কুলাতলীত এটা দম্পতীয়ে নিজ সন্তানৰ সৈতে সুখেৰে বাস কৰি আছিল (Extra Marital Affair Murder) ৷ কিন্তু পৰিয়ালটোলৈ পৰকীয়া প্ৰেমে নমাই আনিলে ভয়ংকৰ অমানিশা ৷ মহিলাগৰাকীৰ কুলাতলীৰে আবুল হুছেইন নামৰ এজন পুৰুষৰ সৈতে চিনাকি হ’ল ৷ সেই চিনাকিয়ে সময়ৰ লগে লগে প্ৰেমলৈ পৰিৱৰ্তিত হ’ল ৷ লাহে লাহে মহিলাগৰাকীৰ স্বামী তয়েব আলীয়ে কামলৈ গ’লেই ইয়াৰ সুযোগ বুজি আবুলে মহিলাগৰাকীৰ সৈতে সময় পাৰ কৰিবলৈ আহে ৷ এই সমগ্ৰ ঘটনাৰ সাক্ষী আছিল মহিলাগৰাকীৰ চাৰি বছৰীয়া সন্তানটি (Mother allegedly killed her son)৷

আবুলৰ প্ৰেমত মহিলাগৰাকী ইমানেই নিমজ্জিত হৈ গ’ল যে তেওঁ ক্ৰমান্বয়ে আবুলৰ লগত নিজ সংসাৰ কৰাৰ সপোন ৰচে ৷ কিন্তু সন্তানটি থকালৈকে স্বামীক এৰি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল মহিলাগৰাকীয়ে ৷ অৱশেষত আবুলৰ লগত নিজ সংসাৰ কৰা মানসেৰে মহিলাগৰাকীয়ে আবুলৰ লগত লগ হৈ এদিন সন্তানটিক হত্যা কৰাৰ পৰিকল্পনা কৰিলে (Mother allegedly killed four year old child)৷

এই পৰিকল্পনা অনুসৰি মঙলবাৰে তয়েব ঘৰৰ পৰা কামলৈ ওলাই যোৱাৰ পিচতে আবুল মহিলাগৰাকীৰ ঘৰলৈ আহে, মহিলাগৰাকীয়ে আবুলৰ লগ হৈ চাৰিবছৰীয়া সন্তানটোক নিৰ্মমভাৱে হত্যা কৰে (Mother killed child with her boyfriend )৷

তাৰ পাচৰ পৰাই সন্তানটি ঘৰত নেদেখি তয়েবে শিশুটো নিখোজ হোৱা বুলি স্থানীয় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে শিশুটো বিচাৰি তদন্ত আৰম্ভ কৰাত পোহৰলৈ আহে প্ৰকৃত ঘটনা ৷ আৰক্ষীয়ে মহিলাগৰাকীক জিম্মাত লৈ সোধাপোছা কৰে ৷ শুকুৰবাৰে মহিলাগৰাকীক বাৰুইপুৰ আদালতত হাজিৰ কৰোৱা হয় ।

লগতে পঢ়ক: Illicit love affair : পৰকীয়া প্ৰেমৰ বাবে উত্তপ্ত কমাৰবন্ধা আৰক্ষী চকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.