বুজন পৰিমাণৰ ড্ৰাগছসহ মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 8:18 AM IST

thumbnail

মৰাণ, 18 জানুৱাৰী :  ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাচতো ডিব্ৰুগড় জিলাখনত ড্ৰাগছ সৰবৰাহ বন্ধ হোৱা নাই । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত প্ৰতিদিনে উদ্ধাৰ হৈছে ড্ৰাগছ । লগতে শেহতীয়াকৈ ডিব্ৰুগড়ত জব্দ হৈছে বৃহৎ পৰিমাণৰ অবৈধভাৱে সৰবৰাহ কৰা অৰুণাচলী সুৰা । আৰক্ষীয়ে চীল কৰিছে কেইবাখনো অবৈধ সুৰা বিক্ৰী কৰা হোটেল । ইয়াৰ মাজতেই বুধবাৰে ডিব্ৰুগড়ত বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰা হৈছে ৷

জিলাখনৰ আমোলাপট্টিৰ ৰজগলী বামুনপট্টিৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰিছে 46 গ্ৰাম ব্ৰাউন ছুগাৰসহ ড্ৰাগছ সেৱন চিৰিঞ্জ আৰু বহু আপত্তিজনক সামগ্ৰী । লগতে সোণটো ৰাজখোৱাৰ এজন ব্যক্তিৰ ভাড়াঘৰত ভাড়াতীয়া হিচাপে থকা এনাৰ হুছেইন নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লক্ষণীয় যে, দুদিনমানৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী ৱাছিম হুছেইনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক: আগে আগে স্নিফাৰ ডগ, পিচে পিচে এজাক জনতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.