আগে আগে স্নিফাৰ ডগ, পিচে পিচে এজাক জনতা

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 8:28 PM IST

thumbnail

গোলাঘাট, 17 জানুৱাৰী : ক্ৰমাৎ অপৰাধীৰ ৰম্য়ভূমিলৈ পৰিণত হৈছে মৰঙিৰ দৈগ্ৰোং অঞ্চল ৷ অঞ্চলটোত দৈনিক সংঘটিত হৈছে অপৰাধমূলক ঘটনা । এইবাৰ স্নিফাৰ ডগ লৈ চোৰৰ সন্ধানত নামি পৰিছে আৰক্ষী ৷  

ঘটনা অনুসৰি, মঙলবাৰে দৈগ্ৰোঙৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা মানৱ গোস্বামী নামৰ এজন লোকৰ ঘৰত নিশা কোনো নথকাৰ সুযোগ লৈ এটা চোৰৰ দলে তলা ভাঙি চাফাই অভিযান চলায় । চোৰে লুটি লৈ যায় নগদ 5 লাখ টকাসহ প্ৰায় 20 লাখ টকাৰ সোণৰ আ-অলংকাৰ । তাৰ পিচতে চুৰিকাণ্ডৰ বিষয়ে নুমলীগড় আৰক্ষীক অভিযোগ দাখিল কৰে পৰিয়ালটোৱে । ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষীৰ দল উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত অব্যাহত ৰাখিছে চোৰৰ সন্ধান ৷ ইয়াৰ পূৰ্বেও অঞ্চলটোত সংঘটিত হৈ আহিছিল চুৰি, ডকাইতিকে ধৰি বহুকেইটা ঘটনা ।

লগতে পঢ়ক: গোৱালপাৰাৰ পৰা চুৰি হোৱা 9 টাকৈ গৰু ধুবুৰীত উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.