ETV Bharat / state

গোৱালপাৰাৰ পৰা চুৰি হোৱা 9 টাকৈ গৰু ধুবুৰীত উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 9:10 AM IST

Cattle smuggling
গোৱালপাৰাৰ পৰা চুৰি হোৱা 9 টাকৈ গৰু ধুবুৰীত উদ্ধাৰ

Cattle smuggling: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ গোৱালপাৰা জিলাৰ পৰা চুৰি হোৱা 9 টাকৈ গৰু ধুবুৰীত উদ্ধাৰ হৈছে ৷

গোৱালপাৰাৰ পৰা চুৰি হোৱা 9 টাকৈ গৰু ধুবুৰীত উদ্ধাৰ

ধুবুৰী, 14 জানুৱাৰী : ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উন্মুক্ত সীমান্তৰে এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । গোৱালপাৰা জিলাৰ জলেশ্বৰৰ টাকিমাৰী গাঁৱৰ পৰা চুৰি হোৱা 9 টাকৈ গৰু ধুবুৰীত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ধুবুৰীৰ অয়ৰাণ জংলা অঞ্চলৰ কুৰপান আলী নামৰ এজন দেৱানীৰ ঘৰত বান্ধি ৰখা অৱস্থাত উদ্ধাৰ হৈছে গৰুকেইটা ।

তথ্য অনুসৰি, শুকুৰবাৰে নিশা জলেশ্বৰৰ টাকিমাৰী গাঁৱৰ পাঁচটাকৈ পৰিয়ালৰ গোহালিৰ পৰা একে সময়তে 9 টাকৈ গৰু চুৰি হয় । গোহালিৰ পৰা গৰুকেইটা চুৰি হোৱাৰ লগে লগে পৰিয়ালকেইটাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । তাৰ পিচতে গৰুকেইটা বিচাৰি বিচাৰি ধুবুৰীত উপস্থিত হয় গৰুৰ গৰাকীকেইজন ।

তাৰ পিচতে ধুবুৰীৰ অয়ৰাণ জংলা অঞ্চলৰ কুৰপান আলী নামৰ এজন দেৱানীৰ ঘৰত চুৰি গৰুকেইটা প্ৰত্যক্ষ কৰি স্থানীয় লোকে জলেশ্বৰ আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ লগে জলেশ্বৰ আৰক্ষীয়ে ধুবুৰীৰ এ এম কোঃ ৰোড আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত কুৰপান আলীৰ ঘৰৰ পৰা গৰুকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ইপিনে কুৰপান আলী নামৰ লোকজনে গৰুকেইটা মোকলাই নিয়াৰ ক্ষেত্ৰত গৰুৰগৰাকী কেইজনৰ পৰা 3 লাখ টকা দাবী কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এতিয়া কুৰপান আলীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷ এই গৰু চুৰিৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত থকাৰ বিপৰীতে গৰুকেইটা বাংলাদেশলৈ চোৰাং চালান দিয়াৰ উদ্দেশ্যে ৰখা হৈছিল বুলি সন্দেহ কৰা হৈছে ।

আনহাতে, গৰু চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে কুৰপান আলীক আটক নকৰি কেৱল দুলাল নামৰ এজন শ্ৰমিককহে আটক কৰি লৈ যায় জলেশ্বৰ আৰক্ষীয়ে ।

লগতে পঢ়ক: হোজাইত জালনোটসহ বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.