হোজাইত জালনোটসহ বাহন জব্দ

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 2:04 PM IST

thumbnail

হোজাই,১২ জানুৱাৰী: ৰাজ্যত পুনৰ সক্ৰিয় হৈছে জালনোট সৰবৰাহকাৰী চক্ৰ । জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী । ইয়াৰ মাজতে হোজাইত জব্দ বুজন পৰিমাণৰ জালনোট । খটখটী আৰক্ষীয়ে খেদি খেদি জব্দ কৰে জালনোট কঢ়িয়াই অনা বাহন । জানিবপৰামতে হোজাই জিলাৰ লংকাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা খটখটী আৰক্ষীয়ে জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে চলাই এক অভিযান ।  

অভিযানত খটখটীৰ পৰা জালনোট কঢ়িয়াই অনা এখন বাহন খেদি খেদি হোজাইত জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত বাহনখনত আছিল কেইবাকোটি টকাৰ জাল নোট । AS-02-M-9201 নম্বৰৰ জব্দকৃত বাহনখনে আৰক্ষীৰ বাহন খুন্দিয়াই পলায়নৰ চেষ্টা চলাইছিল যদিও খটখটী আৰু হোজাই আৰক্ষীৰ তৎপৰতাত জব্দ কেইবা কোটি জালনোটসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয় । ইফালে জালনোট কঢ়িয়াই অনা বাহনখন এৰি সৰবৰাহকাৰীয়ে পলায়ন কৰে যদিও আৰক্ষীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: যোৰহাট কো-অপাৰেটিভ বেংকত উদ্ভণ্ডালি, প্ৰাপ্য ধন বিচাৰি মূৰে কপালে হাত দিলে গ্ৰাহকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.