Drugs seized: চিলাপথাৰত ড্ৰাগছসহ মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 7:22 PM IST

thumbnail

জোনাই, ২২ ছেপ্টেম্বৰ: ধেমাজিৰ চিলাপথাৰত দৈনিক বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । চহৰখনত বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে যদিও নিয়ন্ত্ৰণ কৰিব পৰা নাই ড্ৰাগছৰ প্ৰচলন ৷

শুকুৰবাৰে চিলাপথাৰ আৰক্ষীয়ে চিলাপথাৰৰ সমীপৰ কুলামুৱা বঙালী গাঁৱৰ পৰা ১৫০ গ্ৰাম ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰাৰ ঘটনাই সমগ্ৰ চিলাপথাৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা অনুসৰি কুলামুৱা বঙালী গাঁৱৰ মমী গগৈ মুছাহাৰী নামৰ এগৰাকী মহিলাই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল । ইয়াৰ পূৰ্বেও স্থানীয় ৰাইজে বহুবাৰ চিলাপথাৰ আৰক্ষীৰ সহায় লৈ মহিলাগৰাকীৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও যদিও হাতে লোটে ধৰিব পৰা নাছিল । 

অৱশেষত আজি  ১৫০ গ্ৰাম ড্ৰাগছসহ হাতে লোটে ধৰা পৰে মহিলাগৰাকী ৷ কেৱল সেয়াই নহয় এইগৰাকী মহিলাই নিজৰ ঘৰতে দেহ ব্যৱসায় চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছসহ মহিলাগৰাকীৰ লগতে তেওঁ কন্যাক আটক কৰিছে । 

লগতে পঢ়ক: Sexual harassment in Nagaon: চিকিৎসাৰ গইনা লৈ গৰ্ভৱতী মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.