Sexual harassment in Nagaon: চিকিৎসাৰ গইনা লৈ গৰ্ভৱতী মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 4:49 PM IST

thumbnail

বঢ়মপুৰ , ২২ ছেপ্টেম্বৰ : নগাঁও জিলাৰ কচুৱা থানাৰ অন্তুৰ্গত শিমলুগুৰিত জঘন্য ঘটনা সংঘটিত হৈছে । এজন চিকিৎসকে এগৰাকী চাৰিমহীয়া গৰ্ভৱতী মহিলাক যৌন আতিশয্য চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷  

প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে এগৰাকী গৰ্ভৱতী মহিলাই বাৰপুজীয়া খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তুৰ্গত জুকুটা সামুহিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহিছিল ৷ কিন্তু কেন্দ্ৰটোত এগৰাকী নাৰ্চ কৰ্মৰত অৱস্থাত থকাৰ পিচতো স্বাস্থ্য কেন্দ্ৰটোত নিয়োজিত স্বাস্থ্য বিষয়া প্ৰশান্ত দাসে এটা কোঠাৰ ভিতৰত মহিলাগৰাকীক চিকিৎসাৰ বাবে লৈ যায়। চিকিৎসাৰ গইনা লৈ কোঠাৰ ভিতৰত চিকিৎসকগৰাকীয়ে গৰ্ভৱতী মহিলাগৰাকীক যৌন আতিশয্য চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। পিচত মহিলাগৰাকীয়ে কচুৱা থানাত চিকিৎসকগৰাকীৰ বিৰুদ্ধে এক গোচৰ তৰে ৷

মহিলাগৰাকীৰ অভিযোগ অনুসৰি বিগত দুটা দিন কচুৱা থানাই সমগ্ৰ বিষয়টো তদন্ত কৰাৰ অন্তত বৃহস্পতিবাৰে ৰহা আৰক্ষীয়ে ৰহাৰ ৰজাগাঁৱৰ পৰা চিকিৎসক প্ৰশান্ত দাসক গ্ৰেপ্তাৰ কৰে। বৰ্তমান ৰহা আৰক্ষীৰ পৰা কচুৱা আৰক্ষীয়ে জিম্মাত লৈছে চিকিৎসকজনক। চিকিৎসকজনৰ বিৰুদ্ধে কচুৱা থানাই ১২৬/২০২৩ নম্বৰৰ গোচৰৰত আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৩৫৪/৩৫৪(এ)/৩৫৪(বি)/৩৭৬/৩৭৬/২)(ই)/৫১১ধাৰাত এক গোচৰ ৰজু হৈছে।

লগতে পঢ়ক: Robbery incident: নাৰেংগীত দিন ডকাইতি; পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তই কাঢ়ি নিলে টকা ভৰ্তি বেগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.