Hit and Run case : সুৰামত্ত চালকৰ খুন্দাত মহিলাৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:51 AM IST

thumbnail

গুৱাহাটী, 30 অক্টোবৰ: মহানগৰীৰ চন্দ্ৰপুৰ তিনিআলিত সোমবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই দুৰ্ঘটনাত গংগা চৌধুৰী নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। 

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে সন্ধিয়া মায়ঙৰ পৰা গুৱাহাটী অভিমুখে অহা AS-01-EZ-0390 নম্বৰৰ এখন ভেন্যু (VENUE) বাহনে চন্দ্ৰপুৰ বেংক তিনিআলিত ৰখাই থোৱা AS-01-DW-1817 নম্বৰৰ XCENT নামৰ আন এখন বাহনত বিপৰীত দিশৰ পৰা প্রচণ্ড খুন্দা মাৰে। পুনৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই টায়াৰ দোকান এখনতো খুন্দা মাৰি পথৰ দাঁতিত ৰৈ থকা গংগা চৌধুৰী নামৰ মহিলাগৰাকীক মহতিয়াই লৈ যায়। পিচত অতি সংকটজনক অৱস্থাত গংগা চৌধুৰীক GMCH লৈ প্ৰেৰণ কৰে যদিও তেওঁৰ মৃত্যু হয়।

এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে সুৰামত্ত অৱস্থাত থকা বাহনখনৰ চালকজনক উত্তম মাধ্যম শোধাই । পিচত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চালকজনক আটক কৰে। ৰাইজে অভিযোগ কৰা মতে, বাহনখনত তিনিগৰাকী যুৱতী আৰু এজন যুৱকে সুৰাপান কৰি আছিল। আৰক্ষীয়ে বাহনখনৰ ভিতৰৰ পৰা সুৰাৰ বটল জব্দ কৰে ৷

লগতে পঢ়ক: ULFA I killed cadre: কিয় হত্যা কৰা হ’ল বিভাকৰক ? পৰেশ বৰুৱাক উত্তৰ বিচাৰিলে মৃত যুৱকৰ পিতৃয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.