Wild elephant persecution: বন্যহস্তীয়ে ভাঙিলে সেনাচাউনীৰ দেৱাল

By

Published : Apr 27, 2022, 5:40 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

শোণিতপুৰ জিলাৰ মিছামাৰীস্থিত ভাৰতীয় সেনা চাউনীৰ ভিতৰত চাৰিটাকৈ বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে (Wild elephant inside Missamari Army camp) । খাদ্যৰ সন্ধানত মিছামাৰীৰ গাতে লাগি থকা সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ(Sonai Rupai wildlife sanctuary) পৰা ওলাই আহিছিল চাৰিটাকৈ প্ৰকাণ্ড বনৰীয়া হাতী । ভাৰতীয় সেনা চাউনীৰ ভিতৰত আশ্ৰয় লৈ থকা বনৰীয়া হাতীকেইটাক মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীসকলে আতচবাজী আৰু গুলী ফুটাই খেদি পঠিয়াবলৈ চেষ্টা চলাইছিল যদিও লোহাৰ গেট ভাঙি হাতীকেইটা বায়ু সেনা চাউনীৰ ভিতৰত সোমাই যায় । বনৰীয়া হাতী কেইটাক পুনৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ দিশে খেদি পঠিওৱাৰ বাবে বনকৰ্মীসকলে চেষ্টা অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.