গজৰাজৰ উপদ্ৰৱ সহিব নোৱাৰি শংকিত লখিমপুৰবাসী

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 2:31 PM IST

thumbnail

বিহপুৰীয়া, 21 ডিচেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চেঙেলীজানত গজৰাজৰ উপদ্ৰৱ । বুধবাৰে নিশা প্ৰায় 1 বজাত 4 জনীয়া এটা বন্যহস্তীৰ জাকে গাঁওখনত প্ৰৱেশ কৰি কেবাটাও পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন কৰে । গাঁওখনৰ কণপোনা বৰাৰ ঘৰত প্ৰৱেশ কৰি হাতীৰ জাকটোৱে ঘৰৰ খিৰিকী ভঙাৰ লগতে ধানৰ বস্তা, ধানৰ দাঙৰি খাই লণ্ডভণ্ড কৰে ৷ আনকি হাতীৰ জাকটোৱে কল, কুঁহিয়াৰ খায়ো তহিলং কৰে কণপোনা বৰাৰ খেতিত ।

ইফালে বুধবাৰে নিশা হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে কুশ বৰা নামৰ এজন লোক । বাতৰি যুগুত কৰা পৰ্যন্ত হাতীৰ জাকটোৱে অঞ্চলটোত অৱস্থান কৰি আছে বুলি জানিব পৰা গৈছে ৷ যাক লৈ শংকিত হৈ আছে গাঁওখনৰ লোকসকল । এই ক্ষেত্ৰত বন বিভাগৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ।

ইফালে নাৰায়ণপুৰৰ জয়পুৰ-শংকৰপুৰ অঞ্চলতো আন এটা হাতীৰ জাকে অৱস্থান কৰাক লৈ অধিক চিন্তিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল ৷

লগতে পঢ়ক : গুৱাহাটীত জালিয়াতিৰে ভূমি ক্ৰয় কৰাসকল সাৱধান, জালিয়াতি কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব এক্সন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.