South Asian Bodybuilding Championships : গৃহভূমিত আন্তৰ্জাতিক শৰীৰচৰ্চাবিদ পবিত্ৰ নাথ

By

Published : Jul 12, 2023, 2:17 PM IST

thumbnail

মাজুলী, 12 জুলাই : মালদ্বীপত অনুষ্ঠিত দক্ষিণ এছিয়ান দেহশ্ৰী প্ৰতিযোগিতাত মাজুলীৰ সুসন্তান পবিত্ৰ নাথে 175 ছেঃমিঃ বিভাগত সোণৰ পদক অৰ্জন কৰি মংগলবাৰে উপস্থিত হয় গৃহভূমি মাজুলীত । মাজুলীত উপস্থিত হোৱাৰ লগে লগে পবিত্ৰ নাথক অসমীয়া সত্ৰীয়া সংস্কৃতি গায়ন বায়নেৰে উষ্ম আদৰণি জনাই মাজুলীবাসীয়ে । মাজুলী পুৰণিবাৰী গাৱঁৰ সন্তান তথা উদীয়মান শৰীৰচৰ্চাবিদ পৱিত্ৰ নাথৰ এই সফলতাই সমগ্ৰ দেশবাসীৰ লগতে মাজুলীবাসীকো গৌৰৱান্বিত কৰি তুলিছে । 

7 জুলাইত মালদ্বীপত অনুষ্ঠিত হৈছিল দক্ষিণ এছিয়ান দেহশ্ৰী প্ৰতিযোগিতাৰ ৷ এই প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি সমগ্ৰ দেশলৈকে গৌৰৱ কঢ়িয়াই অনাৰ খবৰ লাভ কৰাৰ পিচতে সমগ্ৰ দেশৰ লগতে মাজুলীবাসীৰ মাজত আনন্দৰ বন্যা বৈছে ৷ ছাত্ৰাৱস্থাৰ পৰাই শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী পৱিত্ৰ নাথে মহাবিদ্যালয়ৰ হৈ অংশগ্ৰহণ কৰি এসময়ত আন্তঃবিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন পৰ্যায়ত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত মাজুলীবাসী উৎফুল্লিত হৈ পৰিছে । 

লগতে পঢ়ক : MP Brij Bhushan Singh news : প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকৰ বুম ভাঙিলে বিতৰ্কিত বিজেপি সাংসদ ব্রিজ ভূষণে

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.