ETV Bharat / bharat

MP Brij Bhushan Singh news : প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকৰ বুম ভাঙিলে বিতৰ্কিত বিজেপি সাংসদ ব্রিজ ভূষণে

author img

By

Published : Jul 12, 2023, 8:18 AM IST

WFI chief Brij Bhushan Sharan Singh breaks reporter's mic
যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্ত ব্রিজ ভূষণ সিং

একাংশ শীর্ষ মল্লযুঁজাৰুৱে উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা সন্দর্ভত প্রশ্ন সোধাৰ বাবেই বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙে ভাঙি পেলায় প্ৰশ্নকৰ্তা সাংবাদিকৰ বুম ৷ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত ৷

নেশ্যনেল ডেস্ক, 12 জুলাই : ভাৰতৰ মল্লযুঁজাৰুসকলে যৌন নিৰ্যাতনৰ অভিযোগ তোলা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ তথা বিদায়ী ডব্লিউ এফ আইৰ মুৰব্বী ব্রিজ ভূষণ সিঙক দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা তথা উত্থাপিত অভিযোগ সন্দৰ্ভত প্রশ্ন সোধাত এগৰাকী মহিলা সাংবাদিকৰ সৈতে অভব্য আচৰণ কৰা দেখা গৈছিল মঙলবাৰৰ দিনটোত ৷ ব্রিজ ভূষণ সিঙৰ উক্ত ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিচতে নেটিজেন আৰু ৰাজনৈতিক দলৰ চোকা সমালোচনাৰ সন্মুখীন হৈছে ডব্লিউ এফ আইৰ প্ৰাক্তন মুৰব্বীগৰাকী । ভিডিঅ’টোত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী মহিলা সাংবাদিকে ব্রিজ ভূষণ সিঙক সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ পিচতে সিঙে উত্তেজিত হৈ কয়, “মই কিয় পদত্যাগ কৰিম? পদত্যাগৰ প্ৰশ্ন কিয় উত্থাপন কৰিছে” ? ইয়াৰ পিচতে লৰালৰিকৈ নিজৰ গাড়ীৰ ওচৰলৈ যায় ব্রিজ ভূষণ সিং । উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে 15 জুনত ব্রিজ ভূষণ শৰণ সিং আৰু বিনোদ টোমাৰৰ বিৰুদ্ধে 'আইপিচিৰ ধাৰা 354, 354 D, 345A আৰু 506 (1)ৰ অধীনত চাৰ্জশ্বীট দাখিল কৰে ৷

  • #LIVE कैमरे पर एक महिला पत्रकार से पहलवानों के साथ उत्पीड़न का आरोपी भाजपाई सांसद धमका रहा है, उनका माइक तोड़ रहा है,

    क्या महिला बाल विकास मंत्री @smritiirani बता सकती है ये किसके शब्द है? किसके संस्कार है? pic.twitter.com/689KVkrBRg

    — Srinivas BV (@srinivasiyc) July 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তাৰ পিছত পুনৰ সাংবাদিকগৰাকীয়ে সাংসদজনক প্ৰশ্ন সুধিবলৈ যোৱাত অহংকাৰেৰে “চুপ” বুলি কয় । সাংবাদিকগৰাকীয়ে উত্তৰ ল’বলৈ চেষ্টা কৰি তেওঁৰ গাড়ীৰ ওচৰলৈ যায় আৰু তেতিয়াই বিজেপিৰ সাংসদগৰাকীয়ে গাড়ীৰ দুৱাৰ বন্ধ কৰি মহিলা সাংবাদিকগৰাকীৰ মাইক ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোৰ যোগেদি । ভাৰতীয় যুৱ কংগ্ৰেছৰ মুৰব্বী শ্ৰীনিবাস বিভিয়ে টুইটাৰযোগে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, "মল্লযুঁজাৰুক নিৰ্যাতনৰ অভিযোগত অভিযুক্ত বিজেপিৰ এগৰাকী সাংসদে কেমেৰাত এগৰাকী মহিলা সাংবাদিকক ভাবুকি দিছে, তেওঁৰ মাইক ভাঙিছে ।' টুইটটোত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীক উল্লেখ কৰি বিভিয়ে প্ৰশ্ন উত্থাপন কৰে, 'এইবোৰ কাৰ কথা ? কাৰ সংস্কাৰ ?”

দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ব্রিজ ভূষণ সিঙৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই সিঙক ‘গুণ্ডা’ আখ্যা দিয়ে । লগতে কয়, “কল্পনা কৰকচোন যেতিয়া তেওঁ কেমেৰাৰ সন্মুখত এগৰাকী মহিলা সাংবাদিকৰ সৈতে এনে আচৰণ কৰাৰ সাহস থাকে, তেতিয়া তেওঁ কেমেৰাৰ আঁৰত মহিলাৰ সৈতে কেনেকুৱা আচৰণ কৰিব ! এই মানুহজনৰ ঠাই সংসদত নহয় জেলত !”

মঙলবাৰে কংগ্ৰেছে সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মৌনতা’ ক লৈ প্ৰশ্ন উত্থাপন কৰে ৷ কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে প্ৰশ্ন কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে কেতিয়া বিজেপিৰ পৰা ডব্লিউ এফ আইৰ প্ৰাক্তন মুৰব্বী ব্রিজ ভূষণ সিঙক বহিষ্কাৰ কৰিব আৰু কেতিয়া গ্ৰেপ্তাৰ কৰিব বুলি প্ৰশ্ন তোলে ।

15 জুনত দিল্লী আৰক্ষীয়ে ডব্লিউ এফ আইৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত অভিযোগনামা দাখিল কৰে ৷ "মহিলা ক্ৰীড়াবিদৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিষয়ত প্ৰধানমন্ত্ৰী মোডী কিয় মৌন বুলি শ্ৰীনাটে প্ৰশ্ন উত্থাপন কৰাৰ লগতে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে মোদী চৰকাৰে বিৰোধীৰ পৰা নহয় ভাৰতৰ কন্যাসকলৰ আগত পৰীক্ষাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : BTR assembly session : সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰাৰ বাবেই বিপিএফৰ সদন ত্যাগ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.