Vishwakarma Puja 2023 : কলিয়াবৰ আৰক্ষী নিৱেশৰ চৌহদত আয়োজন বিশ্বকৰ্মা পূজা

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 3:03 PM IST

thumbnail

কলিয়াবৰ, 18 ছেপ্টেম্বৰ : আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা ৷ কলিয়াবৰৰ বিভিন্ন স্থানৰ লগতে কলিয়াবৰ আৰক্ষী নিৱেশৰ চৌহদতো আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা ৷ কৰ্ম ব্যস্ততাৰ মাজতে সকলো আৰক্ষীয়ে মিলি উদযাপন কৰিলে বিশ্বকৰ্মা পূজা । লগতে বাবা বিশ্বকৰ্মাৰ ওচৰত সকলোৰে মঙলৰ বাবে বাবা বিশ্বকৰ্মাৰ আশীষ লয় আৰক্ষী-জোৱানসকলে ।

বিশ্ব খনিকৰৰ পূজা উপলক্ষে বন্দুক, অস্ত্ৰ-শস্ত্ৰ আদিত পূজা অৰ্চনা কৰিলে কলিয়াবৰ আৰক্ষীয়ে ৷ সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰ আৰক্ষী নিৱেশ, অগ্নি নিৰ্বাপক বাহিনী, অসম সমবায় মৰাপাট কল শিলঘাটতো উলহ-মালহৰে উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা । কলিয়াবৰৰ বিভিন্ন স্থানত বিশ্ব খনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : Vishwakarma Puja 2023 : হৰি নাম পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ বিশ্বকৰ্মা পূজা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.