Vishwakarma Puja 2023: বিশ্বকৰ্মা পূজাৰ মন্ত্ৰোচাৰণৰে মুখৰিত নলবাৰী

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 4:49 PM IST

thumbnail

নলবাৰী, ১৮ ছেপ্টেম্বৰ: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো উদযাপন কৰা হয় । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নলবাৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানতেই আয়োজন কৰা হয় । পূজাৰীৰ মন্ত্ৰোচাৰণতত সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানত সৃষ্টি হয় এক মাংগলিক পৰিৱেশৰ ।

নলবাৰী শ্বহীদ মুকুন্দ কাকতি বাছ আস্থান পথাৰত নলবাৰী জিলা মজদূৰ ইউনিয়নেও পালন কৰে বিশ্বকৰ্মা পূজা । হিন্দু-মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে বিশ্বকৰ্মা পূজাভাগ । ইপিনে, জিলাখনৰ বিভিন্ন ঠাইত পূজাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত উৎসাহ উদ্দিপনাও বৃদ্ধি পায় । সুন্দৰকৈ সজাই-পৰাই তোলা হয় পূজাস্থলীসমূহ । বিশ্বকৰ্মা পূজাৰ সৈতে সংগতি ৰাখি বিভিন্ন স্থানত থিয়নাম,নাগাৰা নাম,ধৰ্মীয় গীত-মাত,সাংস্কৃতিক সন্ধিয়া আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । 

লগতে পঢ়ক:Ganesh Chaturthi 2023: গণেশ চতুৰ্থীৰ দিনা পালন কৰিবলগীয়া কেইটামান নিয়ম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.