ETV Bharat / sukhibhava

Ganesh Chaturthi 2023: গণেশ চতুৰ্থীৰ দিনা পালন কৰিবলগীয়া কেইটামান নিয়ম

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 4:04 PM IST

১৯ ছেপ্টেম্বৰত দেশজুৰি পালন কৰা হ'ব গণেশ চতুৰ্থী ৷ গণেশ চতুৰ্থী পালন কৰিলে কেনেধৰণৰ দুখ-কষ্টৰ পৰা নিবাৰণ পাব পাৰি ? গণেশ চতুৰ্থী পালন কৰা বিধিসমূহ কি কি ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই...

ganesh chaturthi 2023
গণেশ চতুৰ্থীৰ দিনা পালন কৰিবলগীয়া কেইটামান নিয়ম

গণেশ চতুৰ্থীৰ দিনা পালন কৰিবলগীয়া কেইটামান নিয়ম

গণেশ চতুৰ্থী গণেশ দেৱতাৰ আটাইতকৈ প্রিয় তিথি হিচাপে মনা হয় ৷ লোকবিশ্বাস অনুসৰি গণেশ চতুৰ্থীৰ দিনা গণেশ দেৱতাৰ আবিৰ্ভাৱ হৈছিল ৷ সেই বাবে এই তিথিটো দেৱ-দেৱতাসকলৰ লগতেই স্বয়ং ভগৱান গণেশৰো প্রিয় ৷ আনহাতে সকলো পূজাৰ পূৰ্বে গণেশ ভগবানক পূজা কৰা হয় ৷ সেয়ে গণেশ চতুৰ্থীৰ পৰাই আৰম্ভ হয় পূজাসমূহো ৷

এইবাৰ গণেশ চতুৰ্থী মঙলবাৰ অৰ্থাৎ ১৯ ছেপ্টেম্বৰত পৰিছে ৷ মংগলবাৰে পৰা গণেশ চতুৰ্থীক অংগৰাগ গণেশ চতুৰ্থীবুলি কোৱা হয় ৷গণেশ চতুৰ্থীৰ দিনা ঘৰলৈ, কৰ্মস্থানলৈ, কাৰ্য্যালয়লৈ নতুন গণেশ দেৱতাৰ মুৰ্ত্তি আনি পূজা দিব পাৰে অথবা আপোনাৰ গৃহৰ স্থায়ী গণেশৰ প্ৰতিমাগৰাকীকো বিধিপূর্বক পূজা কৰিলে মনোকামনা পূর্ণ হ'ব ৷ কৰ্মত থকা বাধা আঁতৰিব ৷ গৃহশান্তি বর্তী থাকিব ৷

গণেশ চতুৰ্থী পালন কৰিলে কেনেধৰণৰ দুখ-কষ্টৰ পৰা নিবাৰণ পাব পাৰি ?

ব্যৱসায়িক বা সংসাৰিক বাধা সমূহৰ লগতেই যদি কাৰোবাৰ ঘৰত বেমাৰ- আজাৰ সমূহ হৈ আছে তেন্তে গণেশ চতুৰ্থী পালন কৰিলে এই সমূহ বাধা দূৰ হয় ৷

অৰ্থৰ অভাৱ, চাকৰি বাধা আদিও গণেশ চতুৰ্থীৰ দিনা গণেশ দেৱতাক পূজা কৰিব পাৰিলে এইবোৰ বাধাৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷

গণেশ চতুৰ্থী পালন কৰা বিধি

গণেশ চতুৰ্থীৰ দিনা গণেশ দেৱতাৰ প্রিয় ভোগ বুন্দিয়াৰ লাড়ু আগবঢ়াব পাৰে ৷ ইয়াৰোপৰি গণেশ দেৱতাৰ আন এবিধ প্ৰিয় সামগ্ৰী হ'ল দুর্বা বা দুৱৰি বন ৷ ২১ টুকুৰা গুড়, ২১ গাঁঠি দুৱৰি গণেশ দেৱতাক দান কৰিব ৷ প্ৰসাদ হিচাপে গুড় আৰু গৰুৰ ঘি গণেশ দেৱতাক অৰ্পণ কৰিব ৷ পূজাৰ পিচত ঘি সহ গুড়ৰ টুকুৰাসমূহ গাইগৰুক খুৱাব ৷

লগতেই ২১টি দুৱৰি গাঁঠি তৈয়াৰ কৰি ল'ব ৷ প্রতিটো গঠিত তলত উল্লেখিত মন্ত্ৰসমূহ জপ কৰক

  • ওঁম গণধিপায় নমঃ
  • ওঁম ঊমা পুত্ৰায় নমঃ
  • ওঁম বিঘ্ননাশয় নমঃ
  • ওঁম বিনায়কায় নমঃ
  • ওঁম ইশপুত্রায় নমঃ
  • ওঁম সর্বসিদ্ধ প্রদায় নমঃ
  • ওঁম একদন্তায় নমঃ
  • ওঁম ইভবক্তায় নমঃ
  • ওঁম মুষক বাহনায় নমঃ
  • ওঁম কুমাৰ গুৰুয়ে নমঃ

এই দহটা মন্ত্ৰ উচ্চাৰণ কৰি দুডাল কৈ দুৱৰি অৰ্পণ কৰিব ৷ শেষৰ ৰৈ যোৱা দুৱৰি ডাল ১০টা মন্ত্ৰ একেলগে গাই অৰ্পণ কৰিব ৷ শেষত যদি আপুনি অৰ্পণ কৰা গুড় আৰু লাৰুখিনি গাই গৰু খুৱাব পাৰে তেন্তে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ’ব ৷

লগতে পঢ়ক: Ganesh Chaturthi 2023: ঘৰে ঘৰে চলিছে গণেশ চতুৰ্থীৰ প্ৰস্তুতি; জানি লওক পূজাৰ সঠিক সময় তথা পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.