Constituency delimitation: নিৰ্বাচন আয়োগৰ শুনানি সন্দৰ্ভত বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া

By

Published : Jul 21, 2023, 4:06 PM IST

thumbnail

গুৱাহাটী, 21 জুলাই: গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুকুৰবাৰে অনুষ্ঠিত দেশৰ নিৰ্বাচন আয়োগৰ বিভিন্ন ঠাইৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা সন্দৰ্ভত ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ বীৰ লাচিত সেনাৰ ৷  

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘শুনানিত আমাক কথা কবলৈ সুযোগ দিয়া নাই । আমি সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতা কৰিছো ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ জৰিয়তে হিন্দু বাংলাদেশী আৰু বদৰুদ্দিন আজমলক সুৰুক্ষা দিয়া হৈছে ।’’  

তেওঁ ‌কয় যে বি‌জেপি খিলঞ্জীয়া বিৰোধী দল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ‘দাদা ব্ৰিগেডৰ’ নেতা‌সকলে অসমৰ খিলঞ্জীয়াক ৰাজনৈতিকভাৱে হত্যা কৰাৰ পৰিকল্পনা কৰিছে । উল্লেখ্য যে শুক্ৰবাৰে পুৱা 9.30 বজাৰপৰা দুপৰীয়া 12.30 বজালৈ তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ বাবে শুনানি গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: Constituency Delimitation: শিৱসাগৰ জিলাৰ পৰা আহোমসকলক বিচ্ছিন্ন কৰাৰ বিৰোধিতা অখিল‌ গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.