ETV Bharat / state

Constituency Delimitation: শিৱসাগৰ জিলাৰ পৰা আহোমসকলক বিচ্ছিন্ন কৰাৰ বিৰোধিতা অখিল‌ গগৈৰ

author img

By

Published : Jul 21, 2023, 3:35 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে শিৱসাগৰ জিলাক অংগক্ষত কৰাৰ অভিযোগ অখিল গগৈৰ ৷

Constituency Delimitation
Constituency Delimitation

শিৱসাগৰ জিলাৰ পৰা আহোমসকলক বিচ্ছিন্ন কৰাৰ বিৰোধিতা অখিল‌ গগৈৰ

গুৱাহাটী, 21 জুলাই: দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ গুৱাহাটীত গ্ৰহণ কৰি আছে শুনানি ৷ শুকুৰবাৰৰ তৃতীয় দিনাৰ অৰ্থাৎ অন্তিম দিনাৰ শুনানিত অংশ লয় ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়ে ৷

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাজহুৱা শুনানিত অংশ লোৱাৰ পিচত বিধায়ক অখিল গগৈয়ে কয়, ‘‘আজি শিৱসাগৰ জিলাৰ ২৬ টা বিভিন্ন দল সংগঠনে শুনানীত অংশ লৈ শিৱসাগৰ জিলাক ভাগ ভাগ কৰাৰ বিৰোধিতা কৰিছে । সকলোৱে শিৱসাগৰ জিলাৰ পূৰ্বৰ চাৰিটা বিধানসভা সমষ্টি অক্ষুণ্ণ ৰখাৰ দাবী কৰিছে ।’’

তেওঁ লগতে কয় যে শিৱসাগৰৰ খিলঞ্জীয়াৰ ৰাজধানী । শিৱসাগৰ জিলাৰ বিধানসভা কৰ্তন কৰিব নোৱাৰে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে শিৱসাগৰ জিলাক অংগক্ষত কৰিব বিচৰা হৈছে বুলিও কয় অখিল গগৈয়ে ।

গগৈয়ে অভিযোগ উত্থাপন কৰি কয় যে শিৱসাগৰৰ পৰা আহোমসকলক বিছিন্ন কৰিব বিচৰা‌ হৈছে । এই কথা কেতিয়াও মানি লোৱা‌ নহ'ব বুলিও হুংকাৰ দিয়ে অখিল গগৈয়ে ৷ উল্লেখ্য যে বিগত 19 জুলাইৰ পৰা 21 জুলাইলৈ গুৱাহাটীৰ কলাক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজহুৱা শুনানি অনুষ্ঠিত হয় ।

মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজহুৱা শুনানিৰ বাবে আয়োগে নিৰ্ধাৰণ কৰা সূচী অনুসৰি 21 জুলাইৰ পুৱা 9.30 বজাৰ পৰা দুপৰীয়া 12.30 বজালৈ তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ বাবে শুনানি গ্ৰহণ কৰা হয় ।

উল্লেখ কৰা প্ৰয়োজন যে ৰাইজৰ দলকে ধৰি অসমৰ বিৰোধী ঐক্যৰ সকলো দলেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি বিজেপি চৰকাৰে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষা কৰাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷

লগতে পঢ়ক: Constituency delimitation : কলাক্ষেত্ৰত দল সংগঠনৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.