Constituency delimitation : কলাক্ষেত্ৰত দল সংগঠনৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 21, 2023, 2:18 PM IST

thumbnail

গুৱাহাটী, 21 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা শুনানিৰ 21 জুলাই অন্তিম দিন । অন্তিম দিনাৰ শুনানিত কলাক্ষেত্ৰত সৃষ্টি হ’ল উত্তাল পৰিৱেশ । উজনি অসমৰ 9 খন জিলাৰ প্ৰতিনিধিয়ে শংকৰদেৱ কলাক্ষেত্ৰৰ বাহিৰত সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদত অংশগ্ৰহণ কৰে শিৱসাগৰ সমষ্টিৰ একাংশ ৰাইজ, ৰাইজৰ দল, ছাত্ৰ মুক্তি, কৃষক মুক্তিকে ধৰি কেইবাটাও দল সংগঠনে । 

প্ৰতিবাদকাৰীসকলে উজনি অসমৰ কেইবাটাও বিধানসভা সমষ্টি বিলুপ্তিকৰণ সন্দৰ্ভত সাব্যস্ত কৰে প্ৰতিবাদ । বিজেপি চৰকাৰ গ’ বেক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক আদি শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে কলাক্ষেত্ৰৰ চৌহদত । পৰৱৰ্তী সময়ত আৰক্ষী-প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতি পৰিস্থিতিৰো সৃষ্টি হয় । আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক টানি চোঁচৰাই বাছত উঠোৱা পৰিলক্ষিত হয় । 

'সমষ্টি নিৰ্ধাৰণৰ খচৰা বিজেপি-RSS মতে হৈছে । এই চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কয় কিন্তু মন্ত্ৰী অশোক সিংহাল খিলঞ্জীয়া নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : COCOMI Condemned Naked Women Parading : বিবস্ত্ৰ মহিলাৰ উলংগ সমদলক গৰিহণা কোকোমিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.