জয়ন্তমল্ল বৰুৱাক অলগৰ্ধ মন্ত্ৰী আখ্যা বীৰ লাচিত সেনাৰ

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 9:25 AM IST

thumbnail

মাণিকপুৰ, 24 নৱেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে বীৰ লাচিত সেনা অসমৰ মুখপাত্ৰ প্ৰকাশ বৰুৱাই সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে বীৰ লাচিত সেনাই ।

সংবাদমেলত বীৰ লাচিত সেনাই কয়, "বীৰ লাচিত সেনালৈ ভয় কৰি গুৱাহাটীকে ধৰি কেইবাখনো জিলাত কাইলৈ বীৰ লাচিত সেনাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া লাচিত দিৱস উদযাপনৰ কাৰ্যসূচীৰ বাবে অনুমতি দিয়া নাই। মুখ্যমন্ত্ৰীয়ে অসমত মূল্যবৃদ্ধিৰ উপৰিও আৰু নতুনকৈ কৰৰ বোজা সাধাৰণ জনতাৰ মূৰত জাপি দিছে । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপনৰ ওপৰতো কৰ বহুৱাইছে । এই কৰ কেতিয়াও মানি লোৱা নহ’ব । প্ৰয়োজন সাপেক্ষে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা হ’ব ৷"

লগতে কয়, "অসমৰ জনসাধাৰণক হিতাধিকাৰী বনাই পংগু কৰি পেলাইছে আনহাতে কৰৰ বোজা জাপি দিছে । বিহু, শোভাযাত্ৰা, সভা-সমিতি, বাইক ৰেলী, চাইকেল ৰেলী, বাটৰ নাট, সমাজ সচেতনমূলক অনুষ্ঠানৰ ওপৰত কৰ আৰোপ কৰি ইতিহাস ৰচিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।" লগতে অসমৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক অলগৰ্ধ মন্ত্ৰী আখ্যা দিয়ে বীৰ লাচিত সেনাই।

অসমৰ মানুহে কেতিয়াও মুখ্যমন্ত্ৰীক ক্ষমা নকৰে বুলি কয় বীৰ লাচিত সেৱাৰ মুখপাত্ৰ প্ৰকাশ বৰুৱাই ।

লগতে পঢ়ক: ৰজা যেতিয়া বেপাৰী হয়, প্ৰজা ভিক্ষাৰী হয়; চাণক্য নীতিক সুৱঁৰিলে ৰিপুণ বৰাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.