Death body recovered news: মহানগৰীৰ হাতীগাঁৱত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

By

Published : Jul 10, 2023, 12:48 PM IST

thumbnail

গুৱাহাটী, ১১ জুলাই: মহানগৰীৰ হাতীগাঁৱত পুনৰ অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ । সোমবাৰে হাতীগাঁৱৰ সিজুবাৰীৰ খানকা ঈদগাহ মৈদানৰ সমীপৰ দলঙৰ তলত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ । বাহিনী নৈত উটি আহিছিল মৃতদেহটো । স্থানীয়লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে হাতীগাঁও আৰক্ষীক । খৱৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় হাতীগাঁও আৰক্ষী ।

ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । নৈত উটি অহা অৱস্থাত প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে । ক'ৰ পৰা কেনেকৈ মৃতদেহটো উপঙি আহি এই স্থান পালে ইয়াক লৈ পুৱাৰ ভাগতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

লগতে পঢ়ক:Congress leader Manajit Mahanta demise: বিশিষ্ট সাংবাদিক তথা ৰাজনীতিক মনজিৎ মহন্তৰ দেহাৱসান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.