ULFA celebrated Bihu: পৰম্পৰা ৰক্ষা কৰি আলফা(স্বাঃ)ৰ শিবিৰত ব’হাগ বিহু পালন

By

Published : Apr 17, 2023, 9:21 AM IST

thumbnail

নিউজ ডেস্ক, 17 এপ্ৰিল: ৰাজ্যবাসীয়ে অতি উলাহেৰে পালন কৰিছে প্ৰাণৰ ৰঙালী বিহু (Rongali Bihu) ৷ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক লৈ এতিয়া মতলীয়া ৰাজ্যবাসী ৷ ইয়াৰ মাজতে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফা(স্বাঃ)ৰ শিবিৰতো জাতীয় পৰম্পৰা ৰক্ষা কৰি পালন কৰা হৈছে বিহু (Bihu in ULFA camp) ৷ এক ইমেইলযোগে আলফা স্বাধীনৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা হৈছে ৰঙালী বিহু উদযাপনৰ এটা ভিডিঅ’ (ULFA celebrated Bihu) ৷ যি ভিভিঅ’ত কোনো অজ্ঞাত স্থানত সংগঠনটোৰ সদস্যই বিহুগীত আৰু হুঁচৰি গোৱা দেখিবলৈ পোৱা গৈছে ৷ আলফা(স্বাঃ)ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে এই ভিডিঅ’ বাৰ্তা ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.