ULFA I Celebrates Magh Bihu : মেজি জ্বলাই শিবিৰত ভোগালী বিহু উদযাপন কৰিলে আলফা(স্বা)ই

By

Published : Jan 15, 2023, 8:31 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

সমগ্ৰ জাতিয়ে আজি উদযাপন কৰিলে হেঁপাহৰ ভোগালী বিহু ৷ পিছ পৰি নৰ’ল আলফা(স্বা)ও (ULFA I Celebrates Magh Bihu)৷ কোনো অজ্ঞাত স্থানত আলফা(স্বা)ৰ ভ্ৰাম্যমাণ শিবিৰত আজি বিহুৰ দিনটোৰ কাহিলী পুৱাতে সম্পূৰ্ণ অসমীয়া পৰম্পৰা অনুসৰি মেজি জ্বলাই আলফা(স্বা)ৰ কেডাৰসকলে অগ্নিদেৱতাক সেৱা জনায় ৷ দেওবাৰে পুৱা সূৰ্যোদয়ৰ সময়তে আলফা(স্বা)ৰ চলমান শিবিৰত এই মেজিদাহ পৰ্ব সম্পূৰ্ণ হোৱাৰ পিচতেই ইটিভি ভাৰতৰ হাতত আহি পৰে ইয়াৰ ভিডিঅ’ ৷ ভিডিঅ’টোত দেখা যায়- কান্ধত বন্দুক লৈ কেম’ফ্লেজ পিন্ধি আলফা(স্বা)ৰ সদস্যসকলে দাঁতিতে থকা কোনো অচিন পাহাৰৰ পৰা কাঠ, বাঁহ, খেৰ কঢ়িয়াই অনা দৃশ্য ৷ লগে-ভাগে মিলি তেওঁলোকে প্ৰস্তুত কৰে এটা সুউচ্চ মেজি (Meji by ULFA I)৷ তাৰ পিচতেই সম্পূৰ্ণ অসমীয়া পৰম্পৰা অনুসৰি মেজি দাহ কৰা দেখা যায় ভিডিঅ’টোত (ULFA I Bihu)৷ ইয়াৰ লগেলগে আলফা(স্বা)ৰ সদস্যসকলে সমস্বৰে জুৰি যায় বিহুনাম ৷ মুঠতে কোনো অজ্ঞাত স্থানত অৱস্থিত আলফা(স্বা)ৰ এই চলমান শিবিৰটোত আজি পুহ-মাঘৰ সংক্ৰান্তিৰ দিনটোত বিৰাজ কৰে এক উৎসৱমুখৰ পৰিৱেশে ৷ অগ্নি প্ৰজ্বলিত কৰি যেন জাতিটোক সকলো বিপদ-বিঘিনিৰ পৰা মুক্ত কৰিবলৈ আলফা(স্বা)ৰ শিবিৰত থকা সদস্যসকলে প্ৰাৰ্থনা জনালে- অগ্নি প্ৰজ্বলিতং বন্দে জাতবেদম্ হুতাশনম...৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.