Ulfa cadre surrendered: ডিব্ৰুগড়ত আলফা কেডাৰ বিক্ৰমজিৎ চেতিয়াৰ আত্মসমৰ্পণ

By

Published : Feb 22, 2023, 10:25 PM IST

thumbnail

মৰাণ, 22 ফেব্ৰুৱাৰী: শেহতীয়াকৈ অসম তথা উত্তৰ-পূৱৰ অন্যতম বিদ্ৰোহী সংগঠন আলফা(স্বাধীন) আৰু অসম চৰকাৰৰ মাজৰ শান্তি আলোচনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ যো-জা চলি থকা বুলি বাতৰি প্ৰচাৰ হৈ আহিছে (Peace talk between ULFA and Assam Govt) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনতে মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাত আলফা-চৰকাৰৰ মাজৰ আলোচনা আগবঢ়াই নিয়াৰ বাবে যথেষ্ট পৰ্যালোচনা হোৱা পৰিলক্ষিত হৈছিল ৷ ইয়াৰ সমান্তৰালকৈ বহু যুৱক-যুৱতী আলফা (স্বাধীন)ৰ প্ৰতি আকৰ্ষিত হোৱাও দেখা গৈছে । যাৰ ফলস্বৰূপে বহু যুৱক-যুৱতী আলফাত যোগদানৰ খবৰ প্ৰায়ে পোহৰলৈ আহে (Youth of Assam joins ULFA)। 

ইয়াৰ মাজতে বুধবাৰে ডিব্ৰুগড়ত এজন আলফা কেডাৰে আত্মসমৰ্পণ কৰে (ULFA cadre surrender)। তিনিচুকীয়াৰ অসম অৰুণাচল সীমান্তত চাবুৱা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বিক্ৰমজিৎ চেতিয়া ওৰফে বিক্ৰম গগৈ ওৰফে ৰণজিৎ অসম নামৰ কেডাৰজনে ৷ ইয়াৰ পিচতে চাবুৱা আৰক্ষীয়ে আলফা সদস্য জনক নিজৰ জিম্মাত লয় ৷ ২০১৯ চনত আলফাত যোগদান কৰিছিল আলফা কেডাৰ বিক্ৰমজিতে (Ulfa Cader Bikramjit Chetia surrendered)৷  

এই সন্দৰ্ভত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাই (SP Shwetank Mishra)কয়, ‘‘চাবুৱাৰ আলফা সদস্যগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি থকা হৈছিল ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি আলফা সদস্যগৰাকীয়ে ঘুৰি আহিবলৈ যোগাযোগ কৰিছিল ৷ আৰক্ষী আৰু সৈন্য বাহিনীৰ সহযোগত এতিয়া ঘূৰাই অনা হৈছে বিক্ৰমজিতক ৷ বাকী থকা প্ৰক্ৰিয়া চলি আছে ৷’’  

আনহাতে, আলফা সদস্যগৰাকীয়ে কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ জমা দিয়া নাই বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ জানিব পৰামতে কোনো ৰোগত আক্ৰান্ত হৈ আছিল বিক্ৰমজিত ৷ ৰোগৰ চিকিৎসাৰ বাবে বিক্ৰমজিত ঘূৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ উল্লেখযোগ্য যে, কেইটামান দিনৰ পূৰ্বে মাৰ্ঘেৰিটাত আৰক্ষী আৰু আলফাৰ মাজত সংঘৰ্ষ হৈছিল । 

এই সংঘৰ্ষত উদয় অসম নামৰ আলফা কেডাৰজনৰ মৃত্যু হৈছিল । এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ সেই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি আলফা কেডাৰজনৰ আত্মসমর্পণ কৰাই খবৰে আনন্দিত কৰিছে আলফা-চৰকাৰৰ আলোচনা বিচৰা সকলক ৷

লগতে পঢ়ক: Kerala High court order : মন্দিৰৰ প্ৰশাসনীয় সমিতিত থাকিব নোৱাৰিব ৰাজনৈতিক নেতা; উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.