ETV Bharat / bharat

Kerala High court order : মন্দিৰৰ প্ৰশাসনীয় সমিতিত থাকিব নোৱাৰিব ৰাজনৈতিক নেতা; উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

author img

By

Published : Feb 21, 2023, 7:17 PM IST

মন্দিৰৰ প্ৰশাসনীয় সমিতিত ৰাজনৈতিক দলৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ আদালতৰ (Court bans political leader in temple committee)। ভক্তই আদালতত দাখিল কৰা আবেদনৰ ভিত্তিত এই ৰায় প্ৰদান আদালতৰ । বিষয়টোক লৈ চৰ্চা অব্যাহত । পিছে ক'ত দিয়া হৈছে এই নিৰ্দেশনা ?

Kerala High court order
মন্দিৰৰ প্ৰশাসনীয় সমিতিত থাকিব নোৱাৰিব ৰাজনৈতিক নেতা

নেশ্যনেল ডেস্ক,২১ ফেব্ৰুৱাৰী : সচৰাচৰ মন্দিৰ বা আন আন ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানবোৰৰ পৰিচালনা বা প্ৰশাসনীয় সমিতিত ৰাজনৈতিক আৰু প্ৰভাৱশালী ব্যক্তিক ৰখা হয় । পৰিচালনা সমিতিৰ শীৰ্ষ পদ ৰাজনৈতিক নেতাসকলকে দিয়া হয় (Political leader involve in temple committee)। বিখ্যাত আৰু ঐতিহাসিক মন্দিৰ আৰু ধৰ্মীয় স্থানবোৰৰো পৰিচালনা সমিতিত এজন হ'লেও ৰাজনৈতিক নেতা থকা দেখা যায় ।

কিন্তু এইবাৰ আদালতে গুৰুত্বপূৰ্ণ ৰায় দিছে । মন্দিৰ প্ৰশাসন সমিতিত ৰাজনৈতিক নেতাক নিষিদ্ধ কৰিছে আদালতে । এই খবৰ বিয়পি পৰা পাচতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আচলতে এই গুৰুত্বপূৰ্ণ ৰায় দিছে কেৰালা উচ্চ ন্যায়ালয়ে । মঙলবাৰে এই গুৰুত্বপূৰ্ণ বিষয়টোত ৰায় প্ৰদান কৰি কেৰালা উচ্চ ন্যায়ালয়ে মালাবাৰ দেৱস্বম ব'ৰ্ডৰ অধীনৰ মন্দিৰবোৰৰ প্ৰশাসনীয় সমিতিত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক অন্তৰ্ভুক্ত কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে (Political leaders banned in temple administration)।

অট্টাপ্পালাম পুক্কোট কালিকাভু মন্দিৰ প্ৰশাসনীয় সমিতিৰ (পালাক্কাড জিলা) সদস্য হিচাপে চিপিএমৰ স্থানীয় নেতাসকলৰ নিযুক্তিক প্ৰত্যাহ্বান জনায় এখন আবেদন দাখিল কৰা হৈছিল । সেই আবেদনৰ ভিত্তিত ৰায় প্ৰদান কৰি আদালতে এই মুখ্য নিৰ্দেশনা জাৰি কৰে । আদালতে উল্লেখ কৰে যে, চিপিএম-ডিৱাইএফআইৰ স্থানীয় নেতা অশোক কুমাৰ, ৰথিশ আৰু পংকজাক্ষনৰ প্ৰশাসনীয় সমিতিত নিযুক্তি অবৈধ ।

ভক্ত অনন্তনাৰায়ণন আৰু পি এন শ্ৰীৰামানৰ হৈ অধিবক্তা কে মোহনাকান্ননৰ দ্বাৰা দাখিল কৰা আবেদনৰ মূল ৰায় ঘোষণা কৰি এই নিৰ্দশনা জাৰি কৰে আদালতে । ন্যায়াধীশ অনিল কে নৰেন্দ্ৰন আৰু পি জি অজিত কুমাৰৰ এক খণ্ড বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়টো ঘোষণা কৰে । ইফালে বিৰোধীয়ে যুক্তি দিছিল যে, ডিৱাইএফআই এটা ৰাজনৈতিক সংগঠন নহয় ।

কিন্তু বিৰোধীৰ এই যুক্তিত সন্তুষ্ট নহ'ল আদালত আৰু আদালতে সন্মত হ'বলৈ অস্বীকাৰ কৰে । কেৰালা উচ্চ ন্যায়ালয়ে লগতে কয় যে, পুক্কোট কালিকাভু মন্দিৰ প্ৰশাসনীয় সমিতি গঠনত সদস্য নিৰ্বাচন সন্দৰ্ভত মালাবাৰ দেৱস্বম ব'ৰ্ডে প্ৰকাশ কৰা চাৰ্কুলাৰৰ ব্যৱস্থাসমূহ উলংঘা কৰা হৈছে ।

উল্লেখ্য যে, অট্টাপ্পালাম পুক্কোট কালিকাভু মন্দিৰ প্ৰশাসন সমিতি গঠনক লৈ শেহতীয়াকৈ বিতৰ্ক চলি আছিল (Pookkot Kalikavu temple administration committee)। প্ৰশাসনীয়া সমিতিত ৰাজনৈতিক নেতাৰ অন্তৰ্ভুক্ত হোৱাক লৈ একাংশ ভক্ত আৰু স্থানীয় লোক অসন্তুষ্ট আছিল । ইফালে আদালতৰ এই নিৰ্দেশনাৰ পাচতে সেই ভক্তসকলৰ মাজত সন্তুষ্টি দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : ED raids in Chhattisgarh: কংগ্ৰেছে ইডিৰ অভিযানলৈ ভয় নকৰে; কে চি বেণুগোপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.