Missing news of Jonai: চিয়াং নদীত অব্যাহত নিৰুদ্দিষ্ট ৰবি-কানহায়াৰ সন্ধানত অভিযান

By

Published : Aug 22, 2023, 1:09 PM IST

thumbnail

জোনাই, ২২ আগষ্ট: ব’ল ব’মলৈ গৈ পাচিঘাটৰ চিয়াং নদীত সোমবাৰে পুৱতি নিশা নিখোঁজ হোৱা জোনাইৰ দুই কিশোৰক বিচাৰি পাচিঘাট আৰু জোনাইৰ SDRFবাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ অৱশ্য়ে সন্ধানহীন দুই কিশোৰৰ আজিলৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷

উল্লেখ্য় যে ব’ল ব’মলৈ যোৱা জোনাই সদৰৰৰ উদয়পুৰৰ এটা পৰিয়ালৰ ছয়জন সদস্যই চিয়াং নদীত পুৱতি নিশা তিনি বজাত গা ধুবলৈ লওঁতে পৰিয়ালৰ এগৰাকী ৮ বছৰীয়া শিশু উঠি যায় ৷ লগে লগে পৰিয়ালৰ বাকী পাঁচজনে শিশুটিক উদ্ধাৰৰ বাবে নদীত নামি যোৱাত আটাইকেজনেই উটি যায় ৷ কিন্তু তেনে সময়তে কাষতে থকা একাংশ লোকে পৰিয়ালৰ চাৰিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চিয়াং নদীৰ বুকুত উঠি যায় কানহায়া চাহানী আৰু ৰবি ওৰফে গলু চাহানী নামৰ দুই কিশোৰ ৷

ইফালে, পাচিঘাট আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হয় । পাচিঘাট SDRF বাহিনীয়ে তেলৰ অভাৱত চিয়াং নদীৰ পাৰত ৰবৰ বোট লৈ বহু সময় ৰৈ থকাত পৰিয়ালৰ লোকে তেল ভৰাবলৈ পাঁচ শ টকা দিয়াতহে নদীৰ বুকুত আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ ইফালে, জোনাই SDRF বাহিনীয়েও প্ৰতিকূল বতৰকো নেওচি ঐৰাম ঘাটৰ পৰা পূৱ দিশে চিয়াং নদীৰ বুকুত উদ্ধাৰ অভিযান চলাইছে যদিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই দুই কিশোৰৰ ৷ 

লগতে পঢ়ক: Teenagers went missing: ব’লব’ম যাত্ৰালৈ গৈ অৰুণাচলৰ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.