Drugs seized: টিংখাংত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

By

Published : May 30, 2023, 9:14 PM IST

thumbnail

টিংখাং,৩০ মে': ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান (Assam Police against Drugs) । ইয়াৰ মাজতে আৰক্ষীৰ চকুত ধূলি দি একাংশই চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । পুনৰ টিংখাঙত ড্ৰাগছ বিৰোধী অভিযান । অভিযানত জব্দ মাৰাত্মক ড্ৰাগছ (Two smugglers in police trap with drugs in Tingkhang) । টিংখাঙৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত বগাদাত অঞ্চলত টিংখাং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৩.৪৬ গ্ৰাম ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।  

ধৃত সৰবৰাহকাৰী দুটাই AS 06 AF 8015 নম্বৰৰ এখন পালচাৰ বাইকত দুটা চাধাৰ টেমাত জব্দকৃত ড্ৰাগছখিনি কঢ়িয়াই অনাৰ সময়তে বৰবাম আৰক্ষীয়ে খেদি-খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয় (Drugs seized) । ধৃত সৰবৰাহকাৰী দুটা চৰাইদেউ জিলাৰ সাপেখাটি অঞ্চলৰ সুৰজ গগৈ আৰু শান্তনু চেতিয়া বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: ATSU protest : মৰিগাঁৱত ভূমিপুত্ৰ তিৱাসকলৰ বিভিন্ন দাবীৰে ধৰ্মঘট কাৰ্যসূচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.