Assam tour by bicycle: অদম্য মনৰ হাবিয়াস; এখন ভৰিৰেই চাইকেল চলাই অসম ভ্ৰমণলৈ ওলাল এজন 60 ৰ ঊৰ্ধৰ ব্যক্তি

By

Published : Feb 22, 2023, 5:36 PM IST

Updated : Feb 22, 2023, 9:59 PM IST

thumbnail

লখিমপুৰ, ২২ ফেব্ৰুৱাৰী: মনত কিবা কৰাৰ দুৰ্বাৰ হেঁপাহ থাকিলে সকলো সম্ভৱ হৈ উঠে ৷ মনত অদম্য সাহস আৰু ইচ্ছা শক্তি থাকিলে শাৰীৰিক প্ৰতিবন্ধকতা জীৱনৰ বাটত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ তাকেই যেন পুনৰ প্ৰমাণ কৰি দেখুৱালে লখিমপুৰৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিয়ে (Assam bicycle Tours)।

দুখন ভৰিৰে চাইকেল চলাই অসম ভ্ৰমণলৈ যোৱা আপুনি বহুবাৰ শুনিছে বা দেখিছে ৷ কিন্তু আজি আমি ক’বলৈ ওলাইছোঁ এনে এজন বিশেষ ব্যক্তিৰ কথা যিজন ব্যক্তিৰ নাই এখন ভৰি ৷ কিন্তু অসম ভ্ৰমণ কৰিবলৈ তেওঁৰ মনত আছে প্ৰৱল ইচ্ছা ৷ সেয়াহে নিজৰ অদম্য সাহস আৰু প্ৰৱল ইচ্ছা শক্তিৰ জৰিয়তে তেওঁ আন এজন সংগীৰ সৈতে এখন ভৰিৰেই চাইকেল চলাই অসম ভ্ৰমণলৈ ওলাইছে (Assam visit on bicycle) ৷

চাইকেল চলাই অসম ভ্ৰমণ লৈ ওলাল লখিমপুৰৰ দুগৰাকী ষাঠিৰ ঊৰ্ধৰ ব্যক্তিয়ে । অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, বুলি চাইকেলত ফলক আঁৰি সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ ওলাল লখিমপুৰৰ দুজন লোক । চাইকেল প্ৰীতিৰ লগতে অসম ভ্ৰমণ কৰাৰ হেঁপাহ লৈ ভ্ৰমণ লৈ ওলাল লখিমপুৰৰ আজাদ ৰাজখোৱা গাঁৱৰ মুনীন্দ্ৰ বৰা (৫৩) আৰু হৰগোবিন্দ্ৰ মহন্ত (৫৪)।

ইয়াৰে মুনীন্দ্ৰ বৰাৰ নাই এখন ভৰি (Visit Assam on bicycle without one leg) ৷ জন্মৰে পৰা মুনীন্দ্ৰ বৰাৰ দুখন ভৰি আছিল যদিও এটা দুৰ্ঘটনাত এখন ভৰি হেৰুৱাব লগা হৈছিল মুনীন্দ্ৰ বৰাই । কিন্তু এই দুৰ্ঘটনাৰ পিচতো তেওঁ থমকি ৰোৱা নাছিল । এখন ভৰিৰেই চাইকেল চলাই তেওঁ ৰাজধানী মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানলৈ ঢপলিয়াই ফুৰিছে (Elderly men going to visit Assam on bicycle) ।

আজি লখিমপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰে দুজনে । তেওঁলোকৰ এনে অদম্য সাহস আৰু চাইকেল প্ৰীতিক সকলোৱে শলাগ লৈছে । তেওঁলোকে ধেমাজি হৈ শদিয়া আৰু তাৰ পৰা ধুবুৰীলৈ ৰাওনা হ’ব । চাইকেল চলাই ভালপোৱাৰ লগতে অসমখন এবাৰ চোৱাৰ হেঁপাহ তেওঁলোকৰ (Men going to visit Assam on bicycle) ।

চাইকেল দুখনৰ আগত অসম আমাৰ ৰূপহী গুণৰো নাই শেষ লিখাৰ দৰে হৃদয়তো অসম প্ৰেম খোদিত কৰি এই দুই ব্যক্তিয়ে চাইকেলৰ চকা ঘুৰাইছে (Bicycle Tour without a leg)। তেওঁলোকৰ অসম ভ্ৰমণৰ হেঁপাহ সাৰ্থক হোৱাৰ কামনাৰে লখিমপুৰৰ ৰাইজে শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: Mustard Cultivating in Rangia: সৰিয়হ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ৰঙিয়াৰ এদল উদ্যমী যুৱকৰ

Last Updated : Feb 22, 2023, 9:59 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.