Tragic Road Mishap: স্কুটী আৰু বলেৰ’ পিক আপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 6:36 AM IST

thumbnail

জোনাই, 14 নৱেম্বৰ: ধেমাজি জিলাৰ জোনাইৰ উজনি বিজয়পুৰস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন স্কুটী আৰোহীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে।

জানিব পৰামতে, সন্ধিয়া প্ৰায় 6.30 বজাত জোনাইৰ পৰা নিজ গৃহ অভিমুখে আহি থকা এখন স্কুটী আৰু জোনাই বজাৰ অভিমুখে আহি থকা এখন বলেৰ’ পিক আপ ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাত পতিত হোৱা বলেৰ’ পিক আপ ভানখনৰ নম্বৰ AS 12O 3245 আৰু স্কুটীখনৰ নম্বৰ AS07 V4978 । 

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা স্কুটী আৰোহী দুজনক সংকটজনক অৱস্থাত ৰাইজে উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আঘাতপ্ৰাপ্ত আৰোহী দুজন জোনাইৰ গালী শান্তিপুৰ গাঁৱৰ হৰিৰাম মিপুন আৰু মনুছা মৰাং বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে জোনাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Dispur MLA Hostel Bullet Spot update: বিধায়ক আৱাসৰ ৰহস্যজনক ঘটনা সন্দৰ্ভত ফৰেনচিক দলে কৰিব তদন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.