Fake Currency:জাল নোট ছপোৱা মেচিন আৰু জাল নোটসহ দুজনক আটক

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 9:46 PM IST

thumbnail

চিৰাং, 26 আগষ্ট : চিৰাঙৰ বিজনীত জাল নোট ছপোৱা মেচিন আৰু জাল নোটসহ দুটাক আটক । এছএছবি আৰু আৰক্ষীৰ যৌথ অভিযানত আটক কৰা হয় জালনোট প্ৰস্তুতকাৰী অপৰাধী দুটাক ।

চিৰাং জিলাৰ বিজনীৰ অক্সিগুৰীত এছএছবি আৰু আৰক্ষীৰ যৌথ অভিযান । কুমাৰশালীস্থিত এছএছবিৰ ফাইটাৰ কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত আৰক্ষী আৰু এটা এছএছবিৰ দলে জালনোটসহ আটক কৰে দুটা অপৰাধীক ।

ধৃত জালনোট ব্যৱসায়ী দুটা বিজনী থানাৰ অন্তৰ্গত ২ নং ছাৰাগাঁও নিবাসী ছাহাব উদ্দিন হুছেইন(১৯) আৰু মিঠুন মণ্ডল(২৭) বুলি জানিব পৰা গৈছে । অভিযানকাৰী দলটোৱে ধৃত সৰবৰাহকাৰী দুটাৰ পৰা নগদ ধন ৯,৯৯০/- টকা, জালনোট ১৪,০০০/- টকা, AS-26-E-7065 নম্বৰৰ এখন স্কুটী আৰু দুটা মোবাইল ফোন জব্দ কৰে ।

এছএছবিৰ দলটোৱে ধৃত ছাহাব উদ্দিনৰ ঘৰত তালাচী চলাই জালনোট প্ৰস্তুত কৰা এটা মেচিনো জব্দ কৰিবলৈ সক্ষম হয় । এছএছবিয়ে জালনোটসহ দুয়োটা অপৰাধীক বল্লমগুৰী আৰক্ষী চকীত চমজাই দিয়ে ।

লগতে পঢ়ক : Chirang encounter: নিস্তব্ধ অৰণ্যত নিশা গুলীৰ গৰ্জন; চোৰাং চিকাৰীৰ হাবিতেই মৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.