এ পি এছ চি কেলেংকাৰী, পুনৰ দুজন ৰাজপত্ৰিত বিষয়াক জেৰা এছ আই টিৰ

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 9:01 PM IST

Updated : Jan 8, 2024, 10:31 PM IST

thumbnail

গুৱাহাটী, 8 জানুৱাৰী : সোমবাৰে পুনৰ দুজন ৰাজপত্ৰিত বিষয়াক জেৰা এছ আই টিৰ (SIT) ৷ এছ আই টিৰ নিৰ্দেশনাত দুয়োগৰাকী ৰাজপত্ৰিত বিষয়া আজি হাজিৰ হয় চি আই ডিৰ কাৰ্যালয়ত ৷ দিনজোৰা জেৰা চলায় অসম আৰক্ষী সেৱাৰ বিষয়া কুল প্ৰদীপ ভট্টাচাৰ্য আৰু সহকাৰী নিয়োগ বিষয়া বিচিত্ৰ গোপাল নাথক ৷

বিচিত্ৰ গোপাল নাথ উত্তৰ লখিমপুৰত সহকাৰী নিয়োগ বিষয়া হিচাপে নিয়োজিত হৈ আছিল ৷ কুল প্ৰদীপ ভট্টাচাৰ্যৰ বিৰুদ্ধে আছিল নম্বৰ বৃদ্ধিৰ ভয়ংকৰ অভিযোগ ৷ 43 নম্বৰ বৃদ্ধি কৰি এপিএছছিত নিৰ্বাচিত হৈছিল কুল প্ৰদীপ ভট্টাচাৰ্য ৷ শিক্ষা বিষয়ৰ দ্বিতীয় কাকতত 97ৰ পৰিৱৰ্তে কৰা হৈছিল 117 ৷ অৰ্থাৎ শিক্ষা বিষয়ৰ দ্বিতীয় কাকতত বৃদ্ধি কৰিছিল 20 নম্বৰ ৷

সমাজ বিজ্ঞানৰ প্ৰথম কাকতত বৃদ্ধি কৰা হৈছিল 23 নম্বৰ ৷ 88 ৰ পৰিবৰ্তে 111 কৰা হৈছিল সমাজ বিজ্ঞান কাকতত ৷ নম্বৰ বৃদ্ধি নকৰিলে কোনো পদবীৰ বাবে নিৰ্বাচিত নহ'লহেতেন কুল প্ৰদীপ ৷ ৰাকেশ পালৰ ঘৰত জব্দ হোৱা নম্বৰৰ তালিকাত পোৱা গৈছিল কুল প্ৰদীপৰ নাম ৷ নিলম্বনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত আছিল কুল প্ৰদীপ ভট্টাচাৰ্য ৷ 

লগতে পঢ়ক : বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লাট মণ্ডলসহ গ্ৰেপ্তাৰ দালাল

Last Updated : Jan 8, 2024, 10:31 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.