বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লাট মণ্ডলসহ গ্ৰেপ্তাৰ দালাল

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 8:14 PM IST

thumbnail

বিহপুৰীয়া, ৮ জানুৱাৰী : ৰাজ্যত ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্য়মন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান আজিও অব্যাহত আছে । নিতৌ ইজনৰ পিছত সিজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে । এইবাৰ বিহপুৰীয়া ৰাজহ চক্ৰত জালত পৰিল লাট মণ্ডলসহ দালাল । উত্থাপিত অভিযোগ মতে, ৰাজহুৱা সুবিধা কেন্দ্ৰৰ কম্পিউটাৰ অপাৰেটৰৰ সহায়ত লাট মণ্ডলে লৈছিল ধন । 

আজি বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানই ৰাজীৱ শইকীয়া নামৰ লাট মণ্ডলসহ দেউৰী উপাধিৰ এটা দালালক গ্ৰেপ্তাৰ কৰে । লাট মণ্ডল ৰাজীৱ শইকীয়াৰ বিৰুদ্ধে মধ্যভোগী দিব্যজ্যোতি দেউৰীৰ দ্বাৰা ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য় যে ধৃত দিব্যজ্যোতি দেউৰী কাৰ্লয়টোৰ ৰাজহুৱা সুবিধা কেন্দ্ৰৰ কম্পিউটাৰ অপাৰেটৰ ৷

লগতে পঢ়ক:অসমত ৰাহুল গান্ধী কন্টেইনাৰতে থাকিব; অপূৰ্ব ভট্টাচাৰ্যক বেছি বোজা দিব খোজা নাই ভূপেন বৰাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.