Cyber Criminal in Morigaon : মৈৰাবাৰীত দুই চাইবাৰ অপৰাধীৰ আত্মসমৰ্পণ

By

Published : May 6, 2023, 2:26 PM IST

thumbnail

মৰিগাঁও, 6 মে’: মৈৰাবাৰীত দুটাকৈ পলাতক চাইবাৰ অপৰাধীৰ আত্মসমৰ্পণ ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাবাৰীত বৃহস্পতিবাৰে দুটাকৈ চাইবাৰ অপৰাধীয়ে আত্মসমৰ্পণ কৰে ৷ চাইবাৰ অপৰাধী দুটাই বিগত কিছুদিন ধৰি পলাতক হৈ আছিল যদিও অৱশেষত প্ৰশাসনৰ ভয়ত বৃহস্পতিবাৰে পুৱা মৈৰাবাৰী আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে (Two Cyber Criminal surrenders to Moirabari Police) ৷  

চাইবাৰ অপৰাধী দুটা ক্ৰমে বৰথল কছাৰীগাঁৱৰ খাইৰুল ইছলাম আৰু পশ্চিম মৈৰাবাৰীৰ ৰাজিকুল ইছলাম বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে ধৃত অপৰাধী দুটাই এল এণ্ড টি নামৰ এটা কোম্পানীৰ পৰা ভুৱা আধাৰ আৰু পান কাৰ্ডৰ সহায়ত সৰকাইছিল ধন (Cyber Criminal surrenders in Morigaon) ৷ কোম্পানীটোৰ এজাহাৰৰ ভিত্তিত মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনে বিচাৰি আছিল ধৃত চাইবাৰ অপৰাধী দুটাক (Cyber Criminal in Morigaon) ৷

লগতে পঢ়ক: Rape Case at Gohpur: গহপুৰত দলবদ্ধ ধৰ্ষণ কাণ্ডৰে জৰিত পাঁচ পাষণ্ডক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.