ETV Bharat / state

Rape Case at Gohpur: গহপুৰত দলবদ্ধ ধৰ্ষণ কাণ্ডৰে জৰিত পাঁচ পাষণ্ডক গ্ৰেপ্তাৰ

author img

By

Published : May 6, 2023, 12:22 PM IST

ঘৰৰ পদূলিমূখৰ পৰাই এগৰাকী যুৱতীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে গহপুৰত ৷ যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত নিশাই হাৱাজান আৰক্ষীয়ে অভিযান চলাই ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত আটাইকেইটা পাষণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Gang Raped in Gohpur) ৷

Etv Bharat
Etv Bharat

বিশ্বনাথ, 6 মে: ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত হোৱা জঘন্য কাণ্ডৰ পিছতেই ৰাজ্যত আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ গহপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা ৷ ঘৰৰ পদূলিমূখৰ পৰাই এগৰাকী যুৱতীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে গহপুৰত (Rape Case at Gohpur) ৷

শুকুৰবাৰে নিশা গহপুৰৰ এগৰাকী যুৱতীক 5 জনীয়া এটা যুৱকৰ দলে ঘৰৰ পদূলিৰ পৰাই অপহৰণ কৰি গাড়ী ভিতৰতে দলবদ্ধ ধৰ্ষণ কৰাৰ এক জঘন্য ঘটনা সংঘটিত হৈছে ৷ লগতে সমগ্ৰ ঘটনা ম’বাইলত ৰেকৰ্ড কৰে যুৱকৰ দলটোৱে (Gang raped in Gohpur 5 accused arrested) ৷

ইয়াৰ পাচত নিশা প্ৰায় 1 বজাত গহপুৰৰ হাৱাজান আৰক্ষী চকীত ভুক্তভোগী যুৱতী গৰাকী উপস্থিত হৈ অপহৰণ আৰু ধৰ্ষণ কাণ্ডৰ লগত জড়িত পাঁচ যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত নিশাই হাৱাজান আৰক্ষীয়ে অভিযান চলাই ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত আটাইকেইটা পাষণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Gang Raped in Gohpur) ৷

এই ধৰ্ষণ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড পুৰানচাদ গৌৰা বসুমতাৰী নামৰ এটা দুৰ্বৃত্ত বুলি জানিব পৰা গৈছে ৷ এই দুৰ্বৃত্তটোৰ নেতৃত্বতে আন চাৰিটা পাষণ্ডই যুৱতীগৰাকীৰ ধৰ্ষণৰ সম্পূৰ্ণ ভিডিঅ’ ৰেকডিং কৰাৰ লগতে ধৰ্ষণৰ চেষ্টা চলোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে (20 year old gang raped in Gohpur) ৷

ইতিমধ্যে এই ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত থকা বিপুল বসুমতাৰী, চোহেন গৌয়াৰী, বিজয় মোচাহাৰী, চাংখৰ বসুমতাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷ ইফালে যুৱকৰ দলটোৱে যুৱতী গৰাকীক অপহৰণ কাৰ্যত ব্যৱহাৰ কৰা AS 32 A 1356 নম্বৰ গাড়ীখন জব্দ কৰিছে আৰক্ষীয়ে (5 accused arrested involved in Gohpur Gang Raped) ৷

লগতে পঢ়ক: Child abuse by Doctor Couple: ৫ বছৰীয়া তোলনীয়া কন্যাক অমানবীয় নিৰ্যাতন চলাই আটক চিকিৎসক দম্পতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.