Inspirational Cycle ride story: পৰিৱেশ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে টিংখাঙৰ পৰা লাডাখলৈ চাইকেল যাত্ৰা দুই অসমীয়াৰ

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 1:35 PM IST

thumbnail

মৰাণ, 5 নৱেম্বৰ: অসমৰ দুজন সাধাৰণ যুৱকৰ অসধাৰণ কাৰ্য । চাইকেলেৰে সফলতাৰে সামৰিলে লাডাখ ভ্ৰমণ । পেডেল মাৰি মাৰি অতিক্ৰম কৰিলে প্ৰায় 6000 কিঃমিঃ পথ । "পৰিৱেশ সুৰক্ষা কৰক আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক ।" এই শ্লোগান লৈ পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে টিংখাঙৰ দুই যুৱকে টিংখাঙৰ পৰা লাডাখলৈ চাইকেল যাত্ৰা কৰে ৷

টিংখাঙৰ 1 নং নাহৰপাৰা বৰবিল গাঁৱৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক অভিলেখ সন্দিকৈ আৰু প্ৰভাত তাঁতীয়ে যোৱা 21 আগষ্টত চাইকেলেৰে জন্মু-কাশ্মীৰৰ লাডাখলৈ সজাগতা যাত্ৰা আৰম্ভ কৰিছিল । তাৰ পিচতে সম্পূৰ্ণ 77 দিনৰ অন্তত নিজগৃহত উপস্থিত হয়হি যুৱক দুজন । 

শনিবাৰে দুই যুৱক নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে দুয়োগৰাকী চাইক্লিষ্টক সম্বৰ্ধনা জনাই বিভিন্ন দল-সংগঠনে । মনত অলেখ উদ্যম আৰু প্ৰকৃতিৰ প্ৰতি ভালপোৱা লৈ বিশেষ কোনো যাৱতীয় সা-সুবিধা অবিহনে কৰা এই লাডাখ যাত্ৰাত বহু ঘাট- প্ৰতিঘাটৰ লগতে বৰ্ণিল অভিজ্ঞতা লাভ কৰাৰ কথা উল্লেখ কৰে যুৱক দুজনে । আনহাতে তেওঁলোকৰ এই অভিযানত স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াই আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে বিধায়কগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে পঢ়ক: APCC President Bhupen Borah : আজমল অসমৰ জন-জীৱনৰ আটাইতকৈ বিষাক্ত ব্যক্তি: ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.