বানৰ সময়তে ধেমাজিত আবতৰীয়া ভেলেন্টাইন ডে’; কিন্তু কিয় ?

By

Published : Jun 17, 2023, 7:40 PM IST

thumbnail

ধেমাজি, 17 জুন: বৰষুণৰ বতৰত ধেমাজিৰ ৰাজপথত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ পথৰে যোৱা চাৰিচকীয়া আৰু দুচকীয়া বাহনৰ গৰাকীক ৰঙা গোলাপ দিয়াত ব্যস্ত একাংশ লোক ৷ যেন আৱতৰণীয়া ভেলেণ্টাইন ডে’ !  

প্ৰকৃততে এয়া আছিল ধেমাজি পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ অভিযান ৷ ধেমাজি আৰক্ষী আৰু পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ ‘ৰেড ৰ’জ’ অভিযানৰ অংশ হিচাবে হেলমেট বিহীন আৰু দুচকীয়া বাহনৰ চালক আৰু চিটবেল্ট বিহীন চাৰিচকীয়া বাহনৰ চালকক বিতৰণ কৰা হৈছে ৰঙা গোলাপ ৷

উল্লেখ্য যে হেলমেট আৰু চিটবেল্ট পৰিধান কৰি বাহন চলাবলৈ পৰিবহন বিভাগে ৰাইজৰ কৈ অহাৰ পাচতো একাংশ লোকে কোনো গুৰুত্ব প্ৰদান নকৰে ৷ গতিকে এইসকল আইন ভংগকাৰীক সজাগ কৰাৰ উদ্দেশ্যৰে বিতৰণ কৰা হয় ৰঙা গোলাপ ৷

লগতে পঢ়ক: Teacher vacancies: ৰাজ্যৰ মহাবিদ্যালয়সমূহত খালী তিনিশতাধিক শিক্ষকৰ পদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.