কামপুৰৰ দক্ষিণ চাংচকীত মাঘ বিহুৰ পৰম্পৰাগত ম’হযুঁজ

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 5:06 PM IST

thumbnail

বঢ়মপুৰ, 18 জানুৱাৰী: কামপুৰৰ দক্ষিণ চাংচকীত মাঘ বিহুৰ পৰম্পৰাগত ম'হযুঁজ । পুৱাতে গুৱালে নিজৰ নিজৰ গোনা ম’হক নোৱাই-ধুৱাই ঢোলে-দগৰে নিৰ্দিষ্ট যুঁজৰ স্থলীলৈ আনে আৰু যোৰা মিলাই পৰম্পৰাগত ম’হযুঁজ অনুষ্ঠিত কৰে ।

উল্লেখ্য যে কামপুৰৰ দক্ষিণ চাংচকীত পূৰ্বৰে পৰা মাঘৰ ৩ তাৰিখে পৰম্পৰাগতভাৱে ম’হযুঁজ অনুষ্ঠিত হৈ আহিছে । সুদীৰ্ঘ ৯ বছৰ কাল আইনী বাধাৰ বাবে ম’হযুজ অনুষ্ঠিত কৰাৰ পৰা বিৰত আছিল যদিও 1987 চনতে অঞ্চলটোত আৰম্ভ কৰা ম’হযুজ এইবাৰ অনুষ্ঠিত কৰিবলৈ সক্ষম হ’ল ৷ আইনী বাধা আঁতৰাৰ পিচত এইবেলি আনন্দত নাচি উঠিল গুৱালসকল । ফলত লোকাৰণ্য হৈ পৰিল দক্ষিণ চাংচকী ম’হযুঁজস্থলী ।

সহস্ৰাধিক লোকে উপভোগ কৰিলে মাঘ বিহুৰ পৰম্পৰাগত ম’হযুঁজ । কামপুৰৰ দক্ষিণ চাংচকীত এইবাৰ প্ৰায় ১৫ যোৰা গোনা ম’হৰ যুঁজত কঁপি উঠিল দক্ষিণ চাংচকী খেলপথাৰ ।

লগতে পঢ়ক: 40 হাল ম'হৰ যুঁজত কঁপিল ৰহাৰ দেওবালি পথাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.