উখল-মাখল কাৰ্বি যুৱ মহোৎসৱস্থলী, ৰাষ্ট্ৰপতি আগমনক লৈ তৎপৰ প্ৰশাসন

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 11:29 AM IST

thumbnail

ডিফু, 17 জানুৱাৰী : 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ডিফুৰ তাৰালাংছ ৷ আনহাতে, কাৰ্বি যুৱ মহোৎসৱ পৰিৱেশক এক অনন্য মাত্ৰা প্ৰদান কৰি বুধবাৰে তাৰালাংছʼৰ মহোৎসৱস্থলীত উপস্থিত হʼবহি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতিৰ আগমনক কেন্দ্ৰ কৰি ব্যাপক উৎসাহৰ লগতে নিৰাপত্তাৰ বেহু গঢ়ি তোলা হৈছে সমগ্ৰ ডিফুত ৷ কিছু সময়ৰ পাচতে উৎসৱস্থলীত উপস্থিত হ’ব দেশৰ ৰাষ্ট্ৰপতিগৰাকী ৷

আজি দিনৰ 11.50 বজাত ৰাষ্ট্ৰপতি গৰাকীয়ে মহোৎসৱস্থলীত উপস্থিত হোৱাৰ লগতে প্ৰায় দুঘণ্টা সময় তাৰালাংছʼত অতিবাহিত কৰিব ৷ ৰাষ্ট্ৰপতিৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকিব অসম আৰু মেঘালয়ৰ ৰাজ্যপালৰ লগতে অসম, নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী । ইফালে ৰাষ্ট্ৰপতিক আদৰণি জনাবলৈ সাজু হৈছে আয়োজক সমিতি ৷

লগতে পঢ়ক : ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ; ৰাষ্ট্ৰপতিৰ আগমন উপলক্ষে প্ৰশাসনৰ পথ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.