ETV Bharat / state

৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ; ৰাষ্ট্ৰপতিৰ আগমন উপলক্ষে প্ৰশাসনৰ পথ নিৰ্দেশনা

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 7:17 PM IST

৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ
৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ

50th Karbi Youth Festival : কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে ১৭ জানুৱাৰীত কাৰ্বি আংলঙত উপস্থিত হ'ব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । এই উপলক্ষে জিলাখনত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে কাৰ্বি আংলং জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ।

ৰাষ্ট্ৰপতিৰ আগমন উপলক্ষে কাৰ্বি আংলং প্ৰশাসনৰ পথ নিৰ্দেশনা

ডিফু, ১৫ জানুৱাৰী : কাৰ্বি আংলঙত এতিয়া উদুলি-মুদুলি পৰিৱেশ । কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে সাজি-কাছি উঠিছে পাহাৰীয়া জিলাখন । আনহাতে, এই কাৰ্বি যুৱ মহোৎসৱত অহা ১৭ তাৰিখে অংশগ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । এই ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ পূৰ্বে সোমবাৰে জিলাখনত যান-বাহন চলাচলক লৈ জিলা প্ৰশাসনে আৰক্ষী আৰক্ষী প্ৰশাসনৰ সহযোগত কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে । ডিফুত এক সংবাদেমেল যোগে এই ৰোড মেপ প্ৰকাশ কৰে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকে ৷

উল্লেখ্য যে কাৰ্বি যুৱ মহোৎসৱৰ ১৭ জানুৱাৰীৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অংশগ্ৰহণৰ সময়ত প্ৰায় ৬০ হাজাৰ লোক উপস্থিত থাকিব বুলি জিলা প্ৰশাসনে ধাৰণা কৰিছে । তাৰেই পৰিপ্ৰেক্ষিতত সেই সময়ত সম্ভাৱ্য যানজঁট নিয়ন্ত্ৰণৰ বাবে কাৰ্বি আংলং জিলা প্ৰশাসনে জাৰি কৰিছে কিছু পথ নিৰ্দেশনা । সেই অনুসৰি পশ্চিম কাৰ্বি আংলঙৰ পৰা লামডিং পথেৰে আহিবলগা বাছসমূহ ডিফু পি ডব্লিউ ডি তিনিআলি হৈ থানা ৰোড, চৰকাৰী কলেজ, ডি এ ভি স্কুল, ৰংমনজিৰ হৈ তাৰালাংছ'ৰ ৬ আৰু ৭ নং প্ৰৱেশ পথত যাত্ৰী নমাই গাড়ীসমূহ ডিছামাত পাৰ্কিং কৰিব লাগিব ।

একেদৰে ধনশিৰি আৰু ডিফু চহৰৰ পৰা মহোৎসৱলৈ আহিবলগা বাছসমূহ ৰংখেলান পৰ্যন্ত গৈ বাঁও দিশেৰে প্ৰৱেশ কৰি ৫ আৰু ৬ নং প্ৰৱেশ পথত যাত্ৰী নমাই ডিছামাত পাৰ্কিং কৰিব লাগিব । আনহাতে, হাওৰাঘাট, লাংফেৰ, ফুলনি, লাংহিন, কৰকাণ্ঠি, বৰজান, বোকাজান, দুৱাৰ বাগৰি আদি অঞ্চলৰ পৰা ডিফু-মাঞ্জা পথেৰে আহিবলগীয়া বাছসমূহ বিৰলাৰ দিশৰ প্ৰৱেশ পথেৰে মহোৎসৱ থলীত প্ৰৱেশ কৰিব ।

ভি আই পি, চৰকাৰী বাহন, বিধায়ক, কাৰ্যবাহী সদস্যসকলৰ বাহন মহোৎসৱ থলীৰ মূল প্ৰৱেশ পথ পৰ্যন্ত গৈ সোঁদিশত থকা স্থানত পাৰ্কিং কৰিব লাগিব । ৰাষ্ট্ৰপতিৰ উপস্থিতিৰ সময়ত মহোৎসৱ থলীৰ 3A, 4 আৰু 4A প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ থাকিব । ১, ২,৩, ৫ আৰু ৬ নং প্ৰৱেশ পথেৰে সাধাৰণ লোকে মহোৎসৱ থলীত প্ৰৱেশ কৰিব পাৰিব । হেলিপেড, বজাৰ এলেকা, বন বিভাগৰ পৰিদৰ্শন বাংলো, জনগোষ্ঠীয় গাঁও আৰু ৰং আৰাক আটুৰ এলেকাত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ থাকিব ।

লগতে পঢ়ক :ভোগালীৰ আনন্দত মতলীয়া তিনিচুকীয়া আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.