Tiger killing in Nameri National Park : চতিয়াৰ ইটাখোলাত বাঘ চিকাৰীৰ আত্মসমৰ্পণ

By

Published : Jul 14, 2023, 1:11 PM IST

thumbnail

চতিয়া, 14 জুলাই : বিগত কিছুমাহ পূৰ্বে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছিল এটি বাঘ হত্যাৰ ঘটনা ৷ উমানন্দৰপৰা লৈ আহি নামেৰি ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া বাঘটোক হত্যা কৰি চোৰাং চিকাৰীয়ে লৈ গৈছিল বাঘৰ ছাল আৰু হাঁড় ৷ তাৰ পৰৱৰ্তী পৰ্যায়ত ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত বালিজুৰিৰ দেলাইশ্ৰীৰ মাইবংপুৰ আৰু আকচি গুৰিৰ গাঁৱৰ ঘটনাটোৰ দুই মূল অভিযুক্ত চোৰাং চিকাৰী ক্ৰমে বেৰগ দৈমাৰী আৰু ঘন বসুমতাৰী পলাতক হৈ আছিল ৷

বন বিভাগে গোপন সুত্ৰৰ পম খেদি বুধবাৰে বলেৰ’ গাড়ীসহ উদ্ধাৰ কৰিছিল বাঘৰ ছাল, হাঁড় আৰু হস্তনিৰ্মিত এটি ৰাইফল ৷ ইতিমধ্যে পলাতক হৈ থকা দুই চোৰাং বাঘ চিকাৰী দুটাক বৃহস্পতিবাৰে গাঁওবাসী আৰু চিজুছা সামাজিক অৰ্থনৈতিক সংস্থাৰ প্ৰচেষ্টাত বনবিভাগৰ ওচৰত আত্মসমৰ্পণ কৰোৱাবলৈ সক্ষম হয় ৷ ইতিমধ্যে বনবিভাগে দুই চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক : Erosion in Bongaigaon : মানাহ নদীৰ খহনীয়াত জাহ গৈছে হাজাৰ হাজাৰ কৃষিভূমি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.