ETV Bharat / state

Erosion in Bongaigaon : মানাহ নদীৰ খহনীয়াত জাহ গৈছে হাজাৰ হাজাৰ কৃষিভূমি

author img

By

Published : Jul 14, 2023, 12:12 PM IST

massive erosion of manah river in Bongaigaon
মানাহ নদীৰ ভয়ংকৰ খহনীয়া

বঙাইগাঁও জিলাৰ বালাৰচৰত মানাহ নদীৰ খহনীয়াৰ ৰুদ্ৰ মূৰ্তি । চপৰা চপৰে খহিছে নদীৰ গৰা ৷ কোৱাল সোঁতে উটুৱাই নিছে শ শ বিঘা মৰাপাটৰ খেতি । কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ শীঘ্ৰে সমস্যা সমাধানৰ দাবী ক্ষতিগ্ৰস্ত ৰাইজৰ ৷

মানাহ নদীৰ খহনীয়াত জাহ গৈছে হাজাৰ হাজাৰ কৃষিভূমি

বঙাইগাঁও, 14 জুলাই : ৰাজ্যত বান পৰিস্থিতিৰ সমান্তৰালভাৱে গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বালাৰচৰত মানাহ নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে ৰুদ্ৰ মূৰ্তি । আই নদীৰ বাঢ়নি পানী মানাহ নদীত পৰাৰ লগে লগে বালাৰচৰ গাঁৱত খহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । নৈৰ সোঁতত চপৰা চপৰে খহি পৰিছে মাটি । মূহুৰ্তৰ ভিতৰত শ শ বিঘা মৰাপাটৰ খেতি পথাৰ নৈৰ বুকুত জাহ যাবলগীয়া হোৱাত কৃষকৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ।

ইপিনে, গাওঁখনৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি আৰু ঘৰ-দুৱাৰ লৈ খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । সোনকালে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে মানাহ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকাত ভুগিছে নৈপৰীয়া ৰাইজ । উল্লেখ্য যে, যোৱা 12 জুলাইৰ নিশা ভূটানে কুৰিশ্ব’ বান্ধৰ পানী এৰি দিয়াত আই নদী হৈ কীৰ্তনপাৰা বালাৰচৰ মাত্ৰাঘোলাত মানাহ আৰু আই নদীৰ সংগমস্থলীত ওলোটা খুন্দাৰ সৃষ্টি হোৱাৰ ফলত গৰাখহনীয়াই ভয়ংকৰ ৰূপ গ্ৰহণ কৰিছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।

ৰাতিৰ ভিতৰতে গৰাখহনীয়া আৰম্ভ হোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । শ শ বিঘা মৰাপাটৰ খেতি গৰাখহনীয়াৰ কৱলত পৰে ।ভূটান চৰকাৰে কোনো আগজাননী নিদিয়াকৈ পানী এৰি দিয়াত অকল্পনীয় হাৰত ক্ষতিগ্ৰস্ত হয় নৈপৰীয়া কৃষকসকল । এইক্ষেত্ৰত ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকসকলে শীঘ্ৰে বিষয়টোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কামনা কৰাৰ লগতে স্থায়ী সমাধান দাবী কৰিছে ।

লগতে পঢ়ক : European Parliaments on Manipur Violence : ইউৰোপীয় সংসদক চোকা সমালোচনা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.