ETV Bharat / bharat

European Parliaments on Manipur Violence : ইউৰোপীয় সংসদক চোকা সমালোচনা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

author img

By

Published : Jul 14, 2023, 7:50 AM IST

ইউৰোপীয় সংসদে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত কৰা আলোচনাক সমালোচনা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৷ “ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমাত হস্তক্ষেপ” বুলি সমালোচনা কৰাৰ লগতে এয়া মুঠেও গ্ৰহণযোগ্য নহয় বুলি কয় ৷

European Parliaments on Manipur Violence
ইউৰোপীয় সংসদক চোকা সমালোচনা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেশ্যনেল ডেস্ক, 14 জুলাই : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইউৰোপীয় সংসদে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত কৰা আলোচনা আৰু ইয়াৰ প্ৰস্তাৱক “ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমাত হস্তক্ষেপ” বুলি সমালোচনা কৰে যিটো “গ্ৰহণযোগ্য নহয়” বুলি কয় । ব্ৰাছেলছস্থিত ইউৰোপীয় সংঘৰ সংসদত মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত এক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতে উত্থাপন কৰা হৈছে এই গুৰুতৰ দাবী । ইউৰোপীয় ইউনিয়নৰ সংসদে নিজৰ প্ৰস্তাৱত ভাৰতীয় কৰ্তৃপক্ষক “জাতিগত আৰু ধৰ্মীয় হিংসা তৎকালীনভাৱে বন্ধ কৰাৰ বাবে আৰু সকলো ধৰ্মীয় সংখ্যালঘুক সুৰক্ষা দিয়াৰ বাবে” সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয়, ইউৰোপীয় সংসদে মণিপুৰৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰি তথাকথিত জৰুৰী প্ৰস্তাৱ গ্ৰহণ কৰিছিল । ভাৰতৰ আভ্যন্তৰীণ বিষয়ত এনে হস্তক্ষেপ গ্ৰহণযোগ্য নহয় আৰু ই ঔপনিৱেশিক মানসিকতাক প্ৰতিফলিত কৰে ।’

ন্যায়পালিকাকে ধৰি সকলো স্তৰৰ ভাৰতীয় কৰ্তৃপক্ষই “মণিপুৰলৈ শান্তি-সম্প্ৰীতি আৰু আইন-শৃংখলা বজাই ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰাৰ লগতে ইউৰোপীয় সংসদক নিজৰ আভ্যন্তৰীণ বিষয়সমূহত গুৰুত্ব দিবলৈ কয় । ইউৰোপীয় ইউনিয়নৰ সংসদে উল্লেখ কৰে, "2023 চনৰ মে' মাহৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষত "কমেও 120 জন লোকৰ মৃত্যু হৈছে, 50,000 লোক স্থানচ্যুত হৈছে আৰু 1700 ৰো অধিক ঘৰ আৰু 250 টা গীৰ্জা ধ্বংস হৈছে ।"

ইউৰোপীয় সংসদে সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি অসহিষ্ণুতাই এই হিংসাত অৰিহণা যোগাইছে বুলি উল্লেখ কৰি কয়, 'মণিপুৰ চৰকাৰে ইণ্টাৰনেট সংযোগো বন্ধ কৰি দিছে আৰু সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ কৰাত গুৰুতৰভাৱে বাধাৰ সৃষ্টি কৰিছে, আনহাতে শেহতীয়া হত্যাকাণ্ডৰ সৈতে নিৰাপত্তা বাহিনী জড়িত হৈ পৰিছে, যিটোৱে কৰ্তৃপক্ষৰ প্ৰতি অনাস্থা আৰু অধিক বৃদ্ধি কৰিছে ।'

ইউৰোপীয় ইউনিয়নৰ সংসদ বিতৰ্কৰ পূৰ্বে ভাৰতে এই আলোচনাত আপত্তি দৰ্শায় কয় যে সংসদৰ সদস্যসকলক স্পষ্ট কৰি দিয়া হৈছে যে এইটো দেশৰ একেবাৰে আভ্যন্তৰীণ বিষয় । বৈদেশিক সচিব বিনয় কোৱাট্ৰাই এই সন্দৰ্ভত জানিবলৈ দিয়ে যে ইউৰোপীয় ইউনিয়নৰ সংশ্লিষ্ট সংসদ সদস্যসকলৰ সৈতে যোগাযোগ কৰা হৈছে আৰু তেওঁলোকক স্পষ্ট কৰা হৈছে যে এয়া ভাৰতৰ একেবাৰে আভ্যন্তৰীণ বিষয় ।

উল্লেখ্য যে, মণিপুৰত প্ৰায় দুমাহ ধৰি বিশেষকৈ কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈ আহিছে । সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি 3 মে’ত উত্তৰ-পূব ৰাজ্যখনৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত জাতিগত সংঘৰ্ষৰ পিছত এতিয়ালৈকে 150 জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে কেইবা হাজাৰ লোক আহত হৈছে ।

লগতে পঢ়ক : Manipur Violence: ইউৰোপীয়ান সংসদত মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিষয়ে আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.