ETV Bharat / bharat

Manipur Violence: ইউৰোপীয়ান সংসদত মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিষয়ে আলোচনা

author img

By

Published : Jul 13, 2023, 8:09 AM IST

মণিপুৰত হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত ইউৰোপীয়ান সংসদত আলোচনা ৷ ষ্ট্ৰাছবাৰ্গত চলি থকা পূৰ্ণাংগ অধিবেশনত মণিপুৰৰ হিংসাত্মক কাৰ্যৰ তীব্ৰ নিন্দা কৰা হয়, লগতে ইয়াৰ লগত জড়িত সকলো পক্ষৰ পৰা হিংসাত্মক কাৰ্যকলাপ তৎকালীনভাৱে বন্ধ কৰাৰ আহ্বান জনোৱা হয় ৷

European Parliament Hold Debate on Manipur Violence
মণিপুৰত হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত ইউৰোপীয়ান সংসদত আলোচনা

তেজপুৰ, 13 জুলাই : শেহতীয়াকৈ মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত ইউৰোপীয়ান সংসদে আলোচনা কৰাৰ বিপৰীতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টোত নিমাত হৈ আছে ৷ ষ্ট্ৰাছবাৰ্গত চলি থকা পূৰ্ণাংগ অধিবেশনত মণিপুৰৰ হিংসাত্মক কাৰ্যৰ তীব্ৰ নিন্দা কৰা হয়, লগতে ইয়াৰ লগত জড়িত সকলো পক্ষৰ পৰা হিংসাত্মক কাৰ্যকলাপ তৎকালীনভাৱে বন্ধ কৰাৰ আহ্বান জনোৱা হয় ৷ আনহাতে আমেৰিকাত মেইটেই লোকসকলে মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইউৰোপীয়ান সংসদে সংযমৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজনৈতিক নেতাসকলক উত্তেজনা আৰু অধিক বৃদ্ধি কৰা উত্তেজনামূলক বক্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷ ভাৰতীয় জনতা পাৰ্টিৰ বিশিষ্ট সদস্যসকলে প্ৰচাৰ কৰা যিকোনো জাতীয়তাবাদী বাক্যবাণকো এই প্ৰস্তাৱত ধিক্কাৰ দিয়া হয় ৷ বাওঁপন্থী, সমাজবাদী, ৰক্ষণশীল, কেন্দ্ৰীয় সোঁপন্থী দলকে ধৰি একাধিক ৰাজনৈতিক মতাদৰ্শক প্ৰতিনিধিত্ব কৰা ছটা সংসদীয় গোটৰ মিত্ৰজোঁটে এক প্ৰস্তাৱ দাখিল কৰে ৷ এই প্ৰস্তাৱৰ জৰিয়তে ভাৰত চৰকাৰ আৰু সকলো ৰাজনৈতিক নেতাৰ লগতে ধৰ্মীয় নেতাসকলকো শান্তি ঘূৰাই অনাৰ লগতে এক সৰ্বাংগীন আলোচনাৰ সূচনা কৰি জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নাগৰিক সমাজ আৰু ক্ষতিগ্ৰস্ত সম্প্ৰদায়ক জড়িত কৰা, সংকট সমাধানৰ উপায় হিচাপে একগোট কৰিবলৈ আহ্বান জনায় ৷

প্ৰস্তাৱটোত আইন প্ৰয়োগকাৰী বিষয়াসকলে বল আৰু আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ মৌলিক নীতিসমূহ মানি চলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে; যিয়ে সকলো সময়তে নূন্যতম প্ৰয়োজনীয় বল প্ৰয়োগৰ পোষকতা কৰে ৷ ইয়াৰ উপৰিও ইয়াত গুৰুত্ব দিয়া হৈছে যে ধৰ্ম আৰু বিশ্বাসৰ স্বাধীনতা এটা মৌলিক মানৱ অধিকাৰ, যিটো ৰাষ্ট্ৰই সুৰক্ষিত কৰিব লাগে ৷ প্ৰস্তাৱটোৱে আৰু অধিক আহ্বান জনাইছে যে সংঘাত জৰ্জৰিত অঞ্চলত নিষিদ্ধ ইণ্টাৰনেটৰ ব্যৱহাৰ পুনৰ আৰম্ভ কৰা হওক, কিয়নো বৰ্তমানৰ সীমাবদ্ধতাই বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ব্যৱহাৰত বাধাৰ সৃষ্টি কৰিছে ৷

সমগ্ৰ দেশতে মতানৈক্য আৰু সমালোচনাক নীৰৱ কৰাৰ উপায় হিচাপে ইণ্টাৰনেট বন্ধ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সংসদে ৷ ইয়াৰ উপৰিও প্ৰস্তাৱটোত ক্ষতিগ্ৰস্ত ব্যক্তিসকলক মানৱীয় সাহাৰ্যৰ সুবিধা প্ৰদানৰ আহ্বান জনোৱা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষক আৰু সাংবাদিকসকলক সুবিধা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷ সংসদে হিংসাৰ স্বতন্ত্ৰ তদন্তৰ আহ্বান জনাইছে ৷ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই মণিপুৰত জাতি-জনগোষ্ঠীৰ মাজত চলি থকা হিংসাক লৈ গভীৰ উদ্বেগ আৰু আতংক প্ৰকাশ কৰে প্ৰখ্যাত মানৱ অধিকাৰ সংস্থা এম্নেষ্টী ইণ্টাৰনেশ্যনেলে ৷ সংস্থাটোৱে মানৱ অধিকাৰক সন্মান জনোৱাৰ বাবে শান্তি আৰু নিৰাপত্তা পুনৰুদ্ধাৰ কৰিবলৈ ভাৰতীয় কৰ্তৃপক্ষ, নাগৰিক সমাজৰ গোট, আৰু সকলো জাতি-জনগোষ্ঠীৰ সম্প্ৰদায়ৰ সদস্যৰ মাজত অৰ্থপূৰ্ণ সহযোগিতাৰ আহ্বান জনায় ৷

এম্নেষ্টী ইণ্টাৰনেশ্যনেলে অত্যাধিক বল প্ৰয়োগ আৰু আৰক্ষীৰ পক্ষপাতিত্বৰ প্ৰতিবেদনৰ ওপৰত তাৎক্ষণিক, নিৰপেক্ষ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ উল্লেখযোগ্য যে, জুন মাহত মণিপুৰৰ 15 টাকৈ সংগঠনৰ পৰা ৰাষ্ট্ৰ সংঘলৈ মণিপুৰৰ হিংসাত্মক ঘটনাৰ এক প্ৰতিবেদন দাখিল কৰা হৈছিল ৷ ইয়াৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰদূতে কেন্দ্ৰীয় চৰকাৰক মণিপুৰৰ হিংসাত জৰ্জৰিত লোকক সহায় আগবঢ়োৱাৰ বিষয়ে মন্তব্য কৰে আৰু বিৰোধী দলে এই বিষয়ক সমালোচনা কৰে ৷

লগতে পঢ়ক: Manipur violence: স্থায়ী শান্তি বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক ব্যৱস্থা ল’বলৈ মণিপুৰৰ 31 বিধায়কৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.