ETV Bharat / bharat

Manipur violence: স্থায়ী শান্তি বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক ব্যৱস্থা ল’বলৈ মণিপুৰৰ 31 বিধায়কৰ আহ্বান

author img

By

Published : Jul 12, 2023, 6:26 PM IST

Manipur violence
Manipur violence

মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান 31 জনীয়া এটা বিধায়কৰ দলৰ ৷ ৰাজ্যখনত উপলব্ধ হোৱা অবৈধ অস্ত্ৰ-শস্ত্ৰসমূহৰ উৎস সম্পৰ্কে তদন্ত কৰাৰ বাবেও আহ্বান ৷

নেশ্যনেল ডেস্ক, 12 জুলাই: মণিপুৰৰ ৩১ জনীয়া বিধায়কৰ এটা দলে সৰ্বসন্মতিক্ৰমে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্যখনত পুনৰ শান্তি স্থাপনৰ বাবে একত্ৰিতভাৱে আহ্বান জনাইছে ৷ বুধবাৰে মণিপুৰৰ তথ্য আৰু জনসম্পৰ্ক বিভাগৰ এক বিবৃতিত প্ৰকাশ কৰা হৈছে এই তথ্য ৷

বিবৃতি অনুসৰি, বিধায়কসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক নৱম গোটৰ অসম ৰাইফলছ, ২২ তম গোটৰ অসম ৰাইফলছ আৰু ৩৭ তম গোটৰ অসম ৰাইফলছৰ সলনি অন্যান্য কেন্দ্ৰীয় সুৰক্ষা বাহিনী মণিপুৰত নিয়োজিত কৰাৰ বাবে আহ্বান জনাইছে ৷ ৰাজ্যৰ ঐক্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বিধায়কসকলে আহ্বান জনাইছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷

‘‘অসম ৰাইফলছৰ কিছুমান গোটে পালন কৰা ভূমিকা সম্পৰ্কে উদ্বেগ আছে, যি বৰ্তমান ৰাজ্যখনৰ ভিতৰত একতাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে,’’ বিবৃতিটোত লগতে কোৱা হৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান জনাই দাখিল কৰা প্ৰতিবেদনখনত বিধায়কসকলে বিগত 5 জুলাইত চুৰাচান্দপুৰত অনুষ্ঠিত শান্তি মাৰ্চৰ সময়ত আগ্নেয়াস্ত্ৰ আৰু গোলাবাৰুদৰ ৰাজহুৱা প্ৰদৰ্শনৰ ওপৰত তদন্ত কৰাৰ বাবে কোৱা হৈছে ৷

মণিপুৰত অতি সহজে উপলব্ধ হোৱা এই অস্ত্ৰ-শস্ত্ৰসমূহৰ উৎস সম্পৰ্কে বিধায়কৰ দলটোৱে প্ৰশ্ন উত্থাপন কৰি গৃহমন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা প্ৰতিবেদনত হিংসা বৃদ্ধিৰ অন্যতম কাৰণ এইসমূহ অস্ত্ৰ-শস্ত্ৰ বুলি উল্লেখ কৰিছে ৷ লগতে এই ক্ষেত্ৰত যাৱতীয়া পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷

বিধায়কসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক শান্তি আৰু স্বাভাৱিকতা পুনৰুদ্ধাৰৰ বাবে ৰাজ্যখনত সক্ৰিয় সশস্ত্ৰ বিদ্ৰোহী, সীমান্তপাৰ সশস্ত্ৰ বিদ্ৰোহী গোটসমূহৰ বিৰুদ্ধে শক্তিশালী আৰু অধিক কাৰ্যকৰী পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷

বিধায়কসকলে লগতে গৃহমন্ত্ৰীগৰাকী আহ্বান জনাই কয় যে প্ৰান্তীয় অঞ্চলত হিংসা বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অধিক সক্ৰিয় দৃষ্টিভংগী অৱলম্বন কৰিব লাগিব ৷ অঞ্চলসমূহত সকলো ধৰণৰ হিংসা আৰু আক্ৰমণ বন্ধ হোৱাৰ পিচতহে ৰাজ্যখনৰ সকলো গোটৰ সৈতে শাস্তিস্থাপন বাবে আলোচনা সম্ভৱপৰ হ’ব বুলিও গৃহমন্ত্ৰীগৰাকীলৈ আহ্বান জনাই প্ৰেৰণ কৰা প্ৰস্তাৱটোত উল্লেখ কৰে ৷

লগতে পঢ়ক: Manipur Violence: মুখ্য সচিব আৰু নিৰাপত্তা উপদেষ্টাৰ ৰাজ্যপালক সাক্ষাৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.