India Vs Australia T20 Match : 28 নৱেম্বৰত গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ T-20 মেচ, বিক্ৰীৰ বাবে মুকলি টিকট

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:18 PM IST

thumbnail

ডিব্ৰুগড়, 9 নৱেম্বৰ : দেশত এতিয়া বিশ্বকাপ ক্ৰিকেটৰ জ্বৰ ৷ চলিত বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে জয়ৰ ধাৰা অব্যাহত ৰখা ভাৰতীয় ক্ৰিকেট দলক লৈ আশাবাদী লাখ লাখ ক্ৰিকেট অনুৰাগী ৷ ইয়াৰ মাজতে অসমৰ ক্ৰিকেটপ্ৰেমীলৈ আহিল ভাল খবৰ ৷ 28 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত-অষ্ট্ৰেলিয়াৰ T-20 ক্ৰিকেট ৷

যি খবৰে এতিয়া আনন্দিত কৰিছে অসমৰ ক্ৰিকেট অনুৰাগীক ৷ 28 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ভাৰত অষ্ট্ৰেলিয়াৰ T-20 ক্ৰিকেটক লৈ আশাবাদী অসম ক্ৰিকেট সন্থা ৷ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত 28 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া T-20 ক্ৰিকেট মেচ সন্দৰ্ভত নাহৰকটীয়াত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ প্ৰতিক্ৰিয়া ৷

আজিৰে পৰা মুকলি কৰা হৈছে T-20 ক্ৰিকেট মেচৰ টিকট ৷ 500 পৰা 4,000 টকা পৰ্যন্ত হ'ব টিকটৰ মূল্য ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে ক্ৰিকেট সন্থাৰ সভাপতিগৰাকীয়ে ৷ 

লগতে পঢ়ক : CWC 2023 : আজি নক আউট পৰ্যায়ৰ বাবে অন্তিম টিকট বিক্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.