ETV Bharat / sports

CWC 2023 : আজি নক আউট পৰ্যায়ৰ বাবে অন্তিম টিকট বিক্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 1:33 PM IST

চলিত ক্ৰিকেট বিশ্বকাপ সমাপ্তিৰ পৰ্যায়ত উপনীত হোৱাৰ লগে লগে বিচিচিআয়ে প্ৰতিযোগিতাখনৰ নক আউট মেচৰ অন্তিম টিকটসমূহ বিক্ৰীৰ বাবে মুকলি কৰিছে । ছেমি ফাইনেল দুখন ১৫ নৱেম্বৰ আৰু ১৬ নৱেম্বৰত অনুষ্ঠিত হ'ব । আনহাতে, ফাইনেলখন ১৯ নৱেম্বৰত অনুষ্ঠিত হ'ব ।

আজি নক আউট পৰ্যায়ৰ বাবে অন্তিম টিকট বিক্ৰী
CWC 2023

স্পৰ্টছ ডেস্ক, ৯ নৱেম্বৰ : আইচিচি ক্ৰিকেট বিশ্বকাপ, ২০২৩ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । দলসমূহৰ মাজত লীগ পৰ্যায়ৰ এখনকৈ মেচ বাকী আছে । ইয়াৰ পিছতে আৰম্ভ হ'ব নক আউট পৰ্যায়ৰ মেচসমূহ । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (বিচিচিআই) ঘোষণা কৰিছে যে বৃহস্পতিবাৰে চলিত ক্ৰিকেট বিশ্বকাপৰ নক আউট মেচৰ বাবে অন্তিম টিকটৰ বিক্ৰী পোনপটীয়াকৈ কৰা হ'ব ।

নক আউট পৰ্যায়ত দুখন ছেমি ফাইনেল ক্ৰমে মুম্বাইৰ ঐতিহাসিক ৱাংখেড়ে আৰু কলকাতাৰ ইডেন গাৰ্ডেনত ১৫ নৱেম্বৰ আৰু ১৬ নৱেম্বৰত অনুষ্ঠিত হ'ব । আনহাতে, প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন ১৯ নৱেম্বৰত আহমেদাবাদত বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

বিচিচিআইৰ এক বিবৃতিত কোৱা হৈছে, "আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ, ২০২৩ সমাপ্তিৰ পৰ্যায়ত উপনীত হোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (বিচিচিআই) বৃহস্পতিবাৰে টিকটৰ অন্তিম বিক্ৰী মুকলি কৰিব ।"

"তিনিখন গুৰুত্বপূৰ্ণ মেচৰ টিকট যথাক্ৰমে প্ৰথম ছেমি ফাইনেল (১৫ নৱেম্বৰ), দ্বিতীয় ছেমি ফাইনেল (১৬ নৱেম্বৰ) আৰু ১৯ নৱেম্বৰৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ ফাইনেলৰ টিকট ৯ নৱেম্বৰৰ নিশা ৮.০০ বজাত https://tickets.cricketworldcup.com অফিচিয়েল টিকেটিং ৱেবছাইটত পোনপটীয়াকৈ উপলব্ধ হ'ব ।" বিচিচিআয়ে এক সংবাদ মাধ্যমত প্ৰকাশ কৰে ।

বিচিচিআয়ে লগতে কয়, "বিশ্বকাপৰ যাদু আৰু শিহৰণ অনুভৱ কৰিব বিচৰা ক্ৰিকেট অনুৰাগীসকলৰ বাবে এইটোৱেই অন্তিম সুযোগ হ'ব আৰু এক নতুন চেম্পিয়নে মুকুট পিন্ধাটো ব্যক্তিগতভাৱে উপভোগ কৰাৰ অন্তিম সুযোগ হ'ব ।"

উল্লেখ্য যে ভাৰত, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াই ইতিমধ্যে আইচিচি ক্ৰিকেট বিশ্বকাপৰ অন্তিম পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । পইণ্ট তালিকাৰ শীৰ্ষস্থান দখলকাৰী হিচাপে ভাৰতে ছেমি ফাইনেলৰ প্ৰতিদ্বন্দ্বীৰ বাবে অপেক্ষা কৰি আছে । আনহাতে, নিউজীলেণ্ড, পাকিস্তান বা আফগানিস্তানৰ মাজৰ এটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ইয়াৰে মাজৰ এটা দলৰ বিৰুদ্ধে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়া ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব ।

এইখিনিতে এটা কথা উল্লেখনীয় যে যদি ছেমি ফাইনেলত ভাৰত পাকিস্তানৰ মুখামুখি হয়, তেন্তে মেচখন মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ বিপৰীতে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব ।

ইফালে ১২ নৱেম্বৰ, দেওবাৰে বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত লীগ পৰ্যায়ত আঠখন খেলত জয়লাভ কৰি অপৰাজেয় হৈ থকা ভাৰতে লীগৰ অন্তিম মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

লগতে পঢ়ক :ICC ODI RANKINGS: বেটিঙত গিল, বলিঙত ছিৰাজ; ICC ৰ ৰেংক তালিকাৰ শীৰ্ষত দুই ভাৰতীয় ক্ৰিকেটাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.