শিৱসাগৰত বেতন বৃদ্ধি, চাকৰি নিয়মীয়াকৰণৰ দাবীত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 2:50 PM IST

thumbnail

শিৱসাগৰ, 22 নৱেম্বৰ : বেতন বৃদ্ধি, চাকৰি নিয়মীয়াকৰণৰ দাবীত শিৱসাগৰত প্ৰতিবাদ টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ৷ বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি শিৱসাগৰত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজে ৷

প্ৰতিবাদকাৰী শিক্ষকসকলে কয়, ‘‘চৰকাৰে আমাক সন্মান সহকাৰে জীয়াই থাকিবলৈ দিয়ক ৷ আমাৰ পৰিয়ালসমূহক শান্তিৰে চলিবলৈ দিয়ক ৷ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আমাৰ চাকৰি নিয়মীকৰণৰ লগতে বেতন সুৰক্ষা কৰা হ’ব বুলি ৷ কিন্তু কিছু শিক্ষকে অৱসৰ ললে ৷ তথাপিও প্ৰতিশ্ৰুতি পালন নকৰিলে চৰকাৰে ৷ কেবল নতুন নিয়ম প্ৰয়োগ কৰি আমাৰ পৰা বেতন কৰ্তন কৰাতহে চৰকাৰ ব্যস্ত হোৱা দেখা গৈছে ৷ বেতন কৰ্তন কৰিলে আমাৰ পৰিয়ালসমূহ কেনেদৰে চলিব ! আনহাতে শ্ৰেণীকোঠা এৰি শিক্ষকসকলে প্ৰতিবাদ কৰিব লগা বিষয়টো অতি লজ্জাৰ বিষয় ৷’’

লগতে পঢ়ক:অসহিষ্ণু অখিল গগৈ ! ঠিকাদাৰক ধমক- মই কমিছন লৈছোঁ নেকি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.