অসহিষ্ণু অখিল গগৈ ! ঠিকাদাৰক ধমক- মই কমিছন লৈছোঁ নেকি ?

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 10:36 PM IST

thumbnail

গুৱাহাটী, ২১ নৱেম্বৰ : লোক নিৰ্মাণ বিভাগৰ কাম বেয়া কৰা ঠিকাদাৰৰ ওপৰত খঙত অগ্নিশৰ্মা বিধায়ক অখিল গগৈ । নিজৰ চিনাকি ঠিকাদাৰক অন কেমেৰা ধমক দিলে অখিল গগৈয়ে ৷

ঠিকাদাৰক ধমক - “এনেকুৱা কাম কৰিবলৈ লাজ লাগিব লাগে ৷ বেলেগ এম এল এৰ নিচিনাকৈ মই কমিছন লৈছো নেকি ?... মোৰ সমষ্টিত দুৰ্নীতি সহ্য কৰা নহ'ব ৷ চিনাকি মানুহ হিচাবে ইয়াতকৈ বেয়াকৈ ক’বলৈ বেয়া পাইছোঁ ৷”

উল্লেখ্য যে, সভাপতি অখিল গগৈৰ নেতৃত্বত চলি আছে ৰাইজৰ দলৰ জনজাগৰণ কাৰ্যসূচী ‘ৰাইজৰ মাজলৈ ৰাইজৰ দল’ । আজিৰ যাত্ৰাৰ সময়চোৱাত শিৱসাগৰ সমষ্টিৰ চেৰেকাপাৰৰ এক নিম্নমানৰ নিৰ্মাণকাৰ্য হঠাতে চকুত পৰে অখিল গগৈৰ । RIDFৰ অধীনত উক্ত কাৰ্য সম্পন্ন কৰিছে অমৰজ্যোতি মহন্ত নামৰ ঠিকাদাৰজনে ।

স্থানীয় ৰাইজেও অখিল গগৈক দিয়ে অভিযোগ ৷ তেতিয়াই কামখিনি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে সকলোৱে মিলি পৰীক্ষা কৰে ৷ কামৰ মান নিম্নমানৰ হোৱা দেখি খঙত অগ্নিশৰ্মা হৈ পৰে অখিল গগৈ । ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক : কিনো আছে বুলি জুমি চাওতেই গালৈ জপিয়ালে নাহৰফুটুকীয়ে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.