জীপছী আৰু থাৰৰ মাজত মুখামুখি সংঘৰ্ষ, থিতাতে নিহত দুজন

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 2:33 PM IST

thumbnail

ডিফু, 18 ডিচেম্বৰ : কাৰ্বি আংলঙৰ বোকাজানৰ হলৌখুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ সোমবাৰে পুৱা ৪ বজাত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হলৌখুৱাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ ডিমাপুৰৰ পৰা গোলাঘাটৰ দিশে গৈ থকা NL 04 C 3801 নম্বৰৰ জীপছী আৰু বিপৰীত দিশৰ পৰা আহি থকা AS01FJ 4114 নম্বৰৰ থাৰখনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷ 

এই দুৰ্ঘটনাৰ ফলত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন 6 জন লোক গুৰুতৰভাৱে আহত হয় ৷ লগে লগে স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ আহত লোককেইজনক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ 

এই খবৰ লাভ কৰি দুৰ্ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: মহানগৰীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে ছাঁই হ’ল বহু সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.